আমেৰিকাত বন্দুকজনিত ঘটনাত নিহত শিশুৰ সংখ্যা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্রত মটৰ দুর্ঘটনাতকৈ বন্দুকৰ আক্রমণত নিহত শিশুৰ সংখ্যা বৃদ্ধি পাইছে৷ চেণ্টার্ছ ফৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্রিভেনচন চমুকৈ চি ডি চিয়ে চলোৱা গৱেষণাৰ প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ চি ডি চিৰ তথ্য মতে, আগ্ণেয়াস্ত্র তথা বন্দুকৰ আক্রমণত ২০২০ চনত ৪,৩০০তকৈ অধিক আমেৰিকানে প্রাণ হেৰুৱাইছে৷ দেশখনত বিদ্যালয়, বজাৰ আদি অঞ্চলত সংঘটিত আক্রমণৰ অধিকাংশই আগ্ণেয়াস্ত্রৰ আক্রমণ৷ নিউ ইংলেণ্ড জার্নেল মেডিচিনত বিগত সপ্তাহত প্রকাশিত গৱেষণাৰ প্রতিবেদন মতে, আমেৰিকাত ১ বছৰৰ পৰা ১৯ বছৰ বয়সীয়াৰ মাজত বন্দুক সম্পর্কিত আক্রমণ বৃদ্ধি পাইছে৷ দেশজুৰি আগ্ণেয়াস্ত্রৰ দ্বাৰা সংঘটিত আক্রমণ ৩৩.৪ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰে ভিতৰত শিশুৰ পৰা যুৱপ্রজন্মৰ মাজত আক্রমণৰ দ্বাৰা মৃত্যু হৈছে ২৯.৫ শতাংশ৷ ঠিক তেনেদৰে এই সময়ছোৱাত আগ্ণেয়াস্ত্রৰ দ্বাৰা আত্মহত্যাৰ ঘটনাও ১.১ শতাংশ বৃদ্ধি পাইছে৷
দেশখনত ১ লাখ বাসিন্দাৰ মাজত বন্দুক সম্পর্কীয় মৃত্যু ২০১৯ আৰু ২০২০ চনৰ মাজত সর্বাধিক হৈছে৷ ২০২০ চনত মটৰ দুর্ঘটনাত ৩,৯০০জনৰ মৃত্যু ঘটাৰ বিপৰীতে বন্দুক সম্পর্কীয় ঘটনাত মৃত্যু ঘটিছে ৪,৩০০জনৰ৷ আনহাতে, ২০১৯ আৰু ২০২০ চনৰ ভিতৰত দেশখনত ড্রাগ্ছ আৰু বিহপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩.৬ শতাংশ বৃদ্ধি হৈছে৷ মহামাৰী ক’ভিড–১৯ৰ প্রাক্–সময়ছোৱাত আমেৰিকাত বন্দুকজনিত ঘটনা বৃদ্ধি পাইছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রত বন্দুক ক্রয় কৰাটো সহজলভ্য হৈ পৰা বাবে দেশখনত ১১ নিযুত লোকৰ পৰিয়ালত আগ্ণেয়াস্ত্র আছে৷ ইয়াৰে ভিতৰত ৫ নিযুত শিশুৰ লগতো আগ্ণেয়াস্ত্র আছে৷