উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন
নিয়মীয়া বাৰ্তা, ২৫ এপ্রিলঃ দিনজোৰা কায্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনখন আজি মাৰ্ঘেৰিটা খণ্ড উন্নয়ন সভাকক্ষত অনুষ্ঠিত হয়। সংস্থাৰ সভানেত্রী টুনু গগৈ শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদিকা পাৰুল শইকীয়া দুৱৰীয়ে। সুৰৰ দেউল সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলে আৰম্ভণিতে সৰস্বতী বন্দনা পৰিৱেশন কৰে। অসম লেখিকা সংস্থাৰ কেন্দ্ৰীয় সম্পাদিকা অঞ্জলী ৰাজ কুমাৰী ,বিশিষ্ট সাহিত্যিক বৰুণ বড়া, বিশিষ্ট অতিথি, অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্রী ড০ ইনুমহন্ত কলিতা আৰু লেখিকা সংস্থাৰ লিডু জাগুন শাখাৰ সভানেত্রী মীনা নাথ আমন্ত্রিত অতিথি ৰূপে অংশ গ্রহণ কৰে। সভাত নিকুঞ্জ গগৈ, ৰুক্মিনী হালৈ, নৱযানী বৰুৱা, মীনা বৰপাত্র গোহাঁই, অনংগ কাশ্যপ, নয়ন জ্যোতি দিহিঙীয়াই কবিতা পাঠ , নিৰ্মালী মাহাও, সৰিতা ৰাই, বৰুণ বড়া, জোনালী ডেকা, জোনালী বৰা শইকীয়াই গীত পৰিবেশন আৰু শিশু শিল্পী ভূপালী ৰাগিণী বড়াৰ নৃত্য পৰিবেশনে অধিবেশনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।মুকলি সভাতে বিশিষ্ট সাহিত্যিক বৰুণ বড়াই দিম্পী বৈশ্য আৰু বৰ্ণালী গগৈৰ সম্পাদিত উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ বাৰ্ষিক কাব্যালোচনী বৰ্ণ মালঞ্চ উন্মোচন কৰে। বিয়লি অনুষ্ঠিত বিষয় বাচনি সভাত পৌৰাহিত্য কৰে বিদায়ী সভানেত্রী টুনু গগৈয়ে । বিষয় বাচনি সভাত চিত্রা বৰগোহাঁইক সভানেত্রী, মীনা বৰপাত্র গোহাঁইল উপসভানেত্রী, চয়নিকা হাজৰিকাক সম্পাদিকা, দিম্পী বৈশ্য সহকাৰী সম্পাদিকা সাংস্কৃতিক সম্পাদিকা মিতালী গগৈ আৰু পাৰুল শইকীয়া দুৱৰীক আলোচনী সম্পাদিকা ৰূপে পৰবৰ্তী কাৰ্য্যকালৰ বাবে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ নতুন সমিতি খন গঠন কৰে । সভাত মৰণোত্তৰ ভাবে মাৰ্ঘেৰিটাৰ প্রয়াত কবি পাপৰি লাহনৰ আত্মীয়ৰ উপস্থিত সম্বৰ্ধনা জনোৱা হয়। উল্লেখ যে কবি পাপৰি লাহনৰ এক পথ দুৰ্ঘটনাত অকাল মৃত্যু হৈছিল।
প্ৰেৰক মানস প্ৰতিম গগৈ