নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰি আবকাৰী বিভাগৰ চুলাই ঘাটি উচ্ছেদ অভিযানঃ বহু হাজাৰ চুলাইৰ ভাটি নষ্ট 

নিয়মীয়া বাৰ্তা, আমগুৰি, ২৭ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ আমগুৰি আবকাৰী বিভাগ আৰু হালোৱাটিং আৰক্ষীয়ে চুলাই ভাটিৰ বিৰুদ্ধে কালি অভিযান চলাই বৃহৎ সংখ্যক চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয়। বৃহত্তৰ অঞ্চলটোত বৃদ্ধি পোৱা চুলাই ভাটিয়ে বিশেষকৈ গ্ৰামাঞ্চলৰ লোকৰ বাবে কঢ়িয়াই অনা তীব্র ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আমগুৰি আৰক্ষী আৰু হালোৱাটিং আৰক্ষীয়ে, আমগুৰি আবকাৰী বিভাগৰ সহযোগত কালি বৰাহীবাৰী চাংমাই গাঁও, খৰঙী, জেহেনীয়া আদি বহু অঞ্চলত অভিযান চলাই ৫০০০ হাজাৰৰো অধিক পৰিমাণৰ চুলাই পাচ নষ্ট কৰিবলৈ সক্ষম হয়।আবকাৰী আৰু আৰক্ষীয়ে বৰাহীবাৰী চাংমাই গাঁও, খৰঙীত চাহ বাগিচা আৰু বাহনিৰ লগতে নদীৰ কাষত অভিযান চলাই বহু হাজাৰ চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয়। আৰক্ষী আৰু আবকাৰী বিভাগে চলোৱা এই অভিযানত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা কেইবা হাজাৰোধিক লিটাৰ চুলাই উদ্ধাৰ কৰে। উল্লেখ্য যে  চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে, বাহনিৰ তলত, চাহ বাগিচাৰ মাজত অতি মৰাত্মকভাৱে চুলাই প্ৰস্তুত কৰি সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি আহিছে। এই মাৰাত্মক চুলাইৰ কবলত পৰি ইতিমধ্যে বহুজনে প্ৰাণ হেৰুৱাইছে যদিও গা লৰা নাই চুলাই বেপাৰীৰ। গ্ৰামাঞ্চলৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে বৃদ্ধি পোৱা এই চুলাই ভাটিসমূহ উৎখাত কৰিবলৈ ৰাইজে দাবী জনাইছে।
You might also like