কাইলৈ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানঃ অনুষ্ঠানৰ বাবে বিশেষ পথ নিৰ্দেশনা
বিশেষ বাৰ্তা, ২৮এপ্ৰিলঃ প্ৰধানমন্ত্ৰীক আদৰিবলৈ ডিব্ৰুগড়ত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষকৰ শ্বেতাংগ মিশ্ৰই এক সংবাদ মেলত এই কথা ঘোষণা কৰে।লগতে দুই লাখৰ সমগম হব বুলিও সদৰী কৰে।সংবাদ মেলত উল্লেখ কৰা অনুসৰি- ★★প্ৰধানমন্ত্ৰী সভাৰ বিপৰীতে বিশেষ গুৰুত্বপূৰ্ণ কাম নাথাকিলে আন জিলাৰ পৰা কোনো লোককে নাহিবলৈ আহ্বান।
★★যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থাপনা।
★★আজিৰ পৰা বৃহস্পতি বাৰে সন্ধিয়া পাঁচ বজা পৰ্যন্ত ডিব্ৰুগড় নগৰ আৰু প্ৰধানমন্ত্ৰী অনুষ্ঠান হব লগা বৃহত্তৰ খনিকৰ অঞ্চলত সকলো গধুৰ যান-বাহন বন্ধ ঘোষণা।
★★অসম আৰক্ষীৰ জিপি সিং নিজে বাহৰ পাতি নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰিছে।আনহাতে যানবাহন ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে IGP আনুৰাগ আগৰৱালে চাইছে। যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কাম নহলে নাহিবলৈ আহ্বান জনাইছে।
★★প্ৰধানমন্ত্ৰী অনুষ্ঠানলৈ ডিব্ৰুগড় নগৰৰ পৰা মানকটা পথৰ পৰা গলে মানকটা খেলপথাৰত বাহন ৰাখি খোজেৰে যাব লাগিব।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা সকল বাণীপুৰৰ পৰা সোমাই গাড়ী ৰাখি খোজেৰে আহিব লাগিব।লাহোৱাল আৰু ডুলিয়াজান পৰা অহা সকলে বকুল, বকপৰা খেলপথাৰত গাড়ী ৰাখিব লাগিব।
মৰাণৰ আৰু বগীবিল ফালৰ পৰা অহা সকলে ডাইনীজানৰ জিকাবাৰী খেলপথাৰত গাড়ী ৰাখি খোজেৰে আহিব লাগিব।আনহাতে বগীবিল পৰা জামিৰা সংযোগী পথটোৱে আহিব পাৰে যদিও যোৱাৰ ব্যৱস্থা নাথাকিব।পথটো ওৱান ৱে হব।
■■গুৱাহাটীৰ পৰা ১৫৫০ বাছৰ লগতে অন্যান্য জিলাৰ পৰা সৰু বৰ প্ৰায় ৩০০০ হাজাৰ গাড়ী অধিগ্ৰহণ কৰা হৈছে। তদুপৰি ৬ খন বিশেষ ৰেল বিভিন্ন প্ৰান্তৰ পৰা আহিব।
★★ ইতিমধ্যে সমাগম প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী অনুষ্ঠান,প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বন্ধ ঘোষণা কৰা লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই আন এক নিৰ্দেশনা যোগে চাহ বাগিচা সমুহ বন্ধ ঘোষণা কৰিছে।
প্ৰেৰক বিভাস দুৱৰা