বালিপৰাৰ সৰুপাটগাঁও প্ৰাথমিক বিদ্যালয়ত ডাবৰ ইণ্ডিয়াৰ সজাগতা অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ সৰুপাটগাঁও প্ৰাথমিক বিদ্যালয়ত আজি ডাবৰ ইণ্ডিয়াৰ ( ঘোঁৰামাৰী প্লাণ্ট ) চি এছ আৰ উইংগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মৌখিক স্বাস্থ্য বিষয়ক এক সজাগতামূলক অনুষ্ঠান । অনুষ্ঠানত ডাবৰ ইণ্ডিয়াৰ সামাজিক সম্পৰ্ক সন্থা জীৱন্টী ট্ৰাষ্ট্ৰৰ বিষয়া স্বৰজিচুমা বসুমতাৰীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক মৌখিক স্বাস্থ্য অটুট ৰখা, মৌখিক স্বাস্থ্যৰ লাভালাভ, মৌখিক স্বাস্থ্য অক্ষুণ্ণ ৰক্ষাৰ বাবে ল’বলগীয়া সাৱধনতা বিষয়ত সজাগতামূলক ভাষণ আগবঢ়ায় । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজকে ছাত্ৰ-ছাত্ৰীসকলক ডাবৰ ৰেড টুথপেষ্ট আৰু কপাহৰ ফেচ মাস্ক বিতৰণ কৰে । অনুষ্ঠানটোত অনুষ্ঠান অনুষ্ঠিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নকুল কুৰ্মীৰ লগতে সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে । উল্লেখ্যে যে, অনাগত দিনত ডাবৰ ইণ্ডিয়াই ঘোঁৰামাৰী অঞ্চলৰ অন্যান্য ৭ খন বিদ্যালয়ত এনেধৰণৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলি কাকতক জনাইছে ।
প্ৰেৰক প্ৰাঞ্জল বৰা