নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ধুবুৰী কৰ্কট চিকিৎসালয়ৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে ধুবুৰীৰ ঝগৰাৰপাৰত নিৰ্মাণ হ’বলগীয়া এখন অত্যাধুনিক কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত কাইলৈ অনুষ্ঠিত হ’ব এক বিশেষ কাৰ্যসূচী। উক্ত অনুষ্ঠানৰ বাবে ইতিমধ্যে আটক ধুনীয়া এক পেণ্ডেল নিৰ্মাণ কৰাৰ সমান্তৰালকৈ অন্যান্য কাৰিকৰী কামসমূহ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কৰি থকা হৈছে। জানিব পৰা মতে কাইলৈৰ সেই কাৰ্যসূচীত সাংসদ ভূৱনেশ্বৰ কলিতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ বি ব্ৰহ্মকে ধৰি কেইবাগৰাকী আমোলা–বিষয়া উপস্থিত থাকিব। উল্লেখ্য যে, নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে প্ৰায় ৫০ বিঘা মাটিত ‘টাটা ট্ৰাষ্ট’ৰ সহযোগত নিৰ্মাণ কৰা হ’ব এই কৰ্কট চিকিৎসালয়খন। নিৰ্মাণ হৈ উঠিলে কেৱল ধুবুৰী জিলাৰেই নহয়; পশ্চিম অসমৰ এক বৃহত্তৰ অঞ্চলকে ধৰি চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰো কৰ্কট ৰোগীক এক ডাঙৰ সকাহ দিব এইখন কৰ্কট চিকিৎসালয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like