নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদশ্বাহৰ বিপৰীতে স্বপ্নৰ সুযোগ, এতিয়াও বিশ্বাস হোৱা নাই তাপসীৰ

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ ‘পিংক’ৰ পৰা আৰম্ভ কৰি ‘মুল্ক’, ‘থাপ্পৰ’লৈ, বক্স অফিচত তথাকথিত সাফল্য নাপালেও প্রতিখন ছবিৰেই নিজৰ প্ৰতিভাৰ সুকীয়া পৰিচয় দিছে অভিনেত্ৰী তাপসী পান্নুৱে। গতিকে দৰকাৰ আছিল এটা ডাঙৰ ব্রেকৰ। মূলসূঁতিত ভৰি থ’বলৈ যে ব্রেক অপৰিহার্য। তাপসী পান্নুৰ কেৰিয়াৰত সেই ব্রেক আহিছে কেইদিনমান আগেয়ে। একেবাৰে শ্বাহৰুখ খানৰ বিপৰীতে সুযোগ পাইছে। ৰাজকুমাৰ হিৰানীৰ পৰৱর্তী ছবি ‘ডাংকি’ত জুটি বান্ধিছে শ্বাহৰুখ খান আৰু তাপসী পান্নুৱে। কিছুদিন আগতে সেই ঘোষণা কৰা হৈছে। ২০২৩ চনৰ ডিচেম্বৰত এই ছবিখন মুক্তি পাব। আৰম্ভ হৈছে শ্বুটিং। কেৰিয়াৰৰ এই পর্যায়ত এনে বিশাল ব্রেক পাব বুলি বিশ্বাসে কৰিব পৰা নাই তাপসীয়ে। পৰিয়ালৰ লোকৰো প্রথমে বিশ্বাস হোৱা নাছিল। এফালে ৰাজকুমাৰ হিৰানীৰ দৰে পৰিচালকৰ সৈতে কাম কৰাৰ সুযোগ, তাতকৈও ডাঙৰ কথা বলীউডৰ বাদশ্বাহৰ বিপৰীতে কাম কৰা। নিজৰ ভাগ্যকে স্বপ্ন যেন ভাব হৈছে তাপসীৰ। সেই কথা নিজেই জনাইছে। আনকি শ্বুটিঙৰ কাম কিছু আৰম্ভ হোৱাৰ পাছতো অভিনেত্ৰীগৰাকীৰ বিশ্বাস হোৱা নাই সেই কথা।

You might also like