ইফতাৰত উপাচাৰ্যঃ সাম্প্ৰদায়িক বিষবাস্প বিয়পিছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত
বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ ধৰ্ম আৰু সাম্প্ৰদায়িক বিষবাস্পই এইবাৰ উত্তপ্ত কৰিছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়। বিতৰ্ক ইফতাৰ পাৰ্টীক লৈ। জানিব পৰা মতে, বুধবাৰে ইফতাৰ পার্টীৰ আয়োজন কৰিছিল মহিলা মহাবিদ্যালয়ত। সেই পার্টীত উপস্থিত আছিল খোদ উপাচার্য। তাৰে প্রতিবাদত এদল ছাত্রই উপাচার্যৰ বাসভৱনৰ বাহিৰত হনুমান চালিশা পাঠ কৰে। আনকি উপাচার্যৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদী ছাত্ৰসকলে। ছাত্রসকলৰ অভিযোগ, উপাচার্যই তোষণৰ ৰাজনীতি কৰিছে।
বিক্ষোভকাৰী ছাত্ৰসকলৰ মতে এই প্রথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ইফতাৰ পার্টীৰ আয়োজন কৰা হৈছে। তাৰে সমস্ত খৰচ বহন কৰিছে বিশ্ববিদ্যালয়ে। আনহাতে, বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়াই টুইট কৰি লিখিছে- দুটা বিষয়ত বিভ্রান্তি থকা উচিত নহয়। প্রথমতে, উপাচার্য সুধীৰ কে জৈনে নিজেই ইফতাৰ পার্টীৰ আয়োজন কৰা নাই। ছাত্র আৰু শিক্ষকে আয়োজন কৰা সেই পার্টীত আমন্ত্রণ জনাইছিল উপাচাৰ্যক। দ্বিতীয়তে, দুই দশক ধৰি বিএইচইউ-ত ইফতাৰ পার্টীৰ আয়োজন কৰি অহা হৈছে।