নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনলৈ পুনৰ ৩,৩০০ কোটি ডলাৰ সাহায্যৰ প্রস্তাৱ বাইডেনৰঃ হোৱাইট হাউছ প্রশাসনৰ সিদ্ধান্তত ক্ষুব্ধ ৰাছিয়া

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ইউক্রেইনক অস্ত্র–শস্ত্রৰে সহায় কৰা দেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে হুংকাৰ দিছে যদিও তাক গুৰুত্ব দিয়া নাই হোৱাইট হাউছ প্রশাসনে৷ আজি মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ইউক্রেইনলৈ ৩,৩০০ কোটি ডলাৰৰ সাহায্য পেকেজ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ হোৱাইট হাউছত ৰাষ্ট্রপতি বাইডেনে এই কথা স্পষ্ট কৰি দিছে যে এই সাহায্য পেকেজৰ ভিতৰত থাকিব অত্যাধুনিক মাৰণাস্ত্র আৰু সামৰিক বাহন৷ ইফালে, ৰাছিয়াৰ ধন কুবেৰসকলৰ বিৰুদ্ধেও হোৱাইট হাউছ প্রশাসনে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব বুলি স্পষ্ট কৰি দিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ এই ধন কুবেৰসকলৰ বিলাসী জাহাজ তথা অন্যান্য বিদেশত থকা সম্পত্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ হ’ব বুলি উল্লেখ কৰিছে বাইডেনে৷ ইফালে, আমেৰিকাৰ এনে সিদ্ধান্তক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে মস্কো প্রশাসনে৷

You might also like