ধুবুৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
নিয়মীয়া বাৰ্তা, ১ মে’: শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত আহি উপস্থিত হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত আজি জিলাখনৰ গোলকগঞ্জৰ পৰা অঞ্চলটোৰ ভাৰত–বাংলাদেশ সীমান্তইদি ‘‘জাতীয় সংহতি’ শীৰ্ষক এক মটৰ চাইকেল ৰেলি উলিওৱা হয়। অসম আৰক্ষীয়ে অতি ‘ৰাষ্ট্ৰপতি নিচান’ লাভ কৰাৰ গৌৰৱজনক সেই বিষয়টোৰ সৈতে সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা প্ৰায় ২৫ কিলোমিটাৰ পথৰ সেই মটৰ চাইকেল ৰেলীটোত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ববীয়া আৰু জোৱানৰ উপৰিও সাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্ত ভাৱে আগুৱাই আহি অংশগ্ৰহণ কৰা দেখা যায়।
আনুমানিক প্ৰায় ৭শ/৮শ মটৰ চাইকেল আৰেহীয়ে অংশ গ্ৰহণ কৰা আজিৰ সেই ৰেলিটোত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ ধুবুৰী জিলাৰ কাৰ্যকৰ্তা আৰু সদস্যসকলে অংশ ল’য়। উল্লেখ্য যে, যোৱাকালি ধুবুৰী জিলাৰ্ ভাৰত–বাংলাদেশ সীমান্তত উপস্থিত হৈ অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্ত নীৰিক্ষণৰ বাবে ব্যৱহাৰ কৰা অত্যাধুনিক আইচিবিএম পদ্ধতিৰ বুজ লয়। তাৰপিছত নাওঁযোগে সীমান্তৰ পৰা পোনে পোনে যোৱাকালি বিয়লিৰ ফালে ধুবুৰীত উপস্থিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী। যোৱাকালি সন্ধিয়াৰ পিনে ধুবুৰী আৰক্ষী ছাউনিত নতুন ৰূপত পুনঃনিৰ্মাণ কৰা সমূহীয়া কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি ৰাণী শৰ্মা, ধুবুৰী সদৰৰ উপ–আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাঁকে ধৰি ধুবুৰী আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াকে ধৰি ধুবুৰী মহকুমাৰ বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰে এক দীঘলীয়া বৈঠকত অংশ লয় তেওঁ।
উক্ত বৈঠকখনৰ পিছত যোৱাকালি নিশা ধুবুৰী আৰক্ষী ছাউনিত এক সংবাদমেলো সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। বিষয়াগৰাকীয়ে অহা ১০ মে’ৰ দিনা গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীয়ে অতি সন্মানজনক ‘ৰাষ্ট্ৰপতি নিচান’ প্ৰদান কৰিব বুলি অৱগত কৰে। লগতে এতিয়ালৈ অসমকে ধৰি দেশৰ মাথো ৯খন ৰাজ্যই এই দূৰ্লভজনক সন্মান লাভ কৰা বুলিও উল্লেখ কৰে তেওঁ। উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এই ধুবুৰী ভ্ৰমণৰ কালছোৱাত অসম আৰক্ষীৰ মহাপৰিদৰ্শক (IGP) দিলীপ কুমাৰ দেকে ধৰি অসম আৰু ধুবুৰী আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াও সংগ দিয়ে।