নিয়মীয়া বাৰ্তা , ৰৌতা , ২ মে’ : বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলত ২৯ এপ্ৰিলৰ নিশা পশ্চিমৰ পৰা বলি অহা এজাক প্ৰলয়ংকাৰী ধুমুহাৰ প্ৰকোপত বিধ্বস্ত হয় কেবাখনো গাঁৱৰ পৰিয়ালৰ ঘৰ-বাৰী, শিক্ষানুষ্ঠান, ধৰ্মীয় উপাসনাস্থলী, নোহোৱা হয় বিজুলী সংযোগ। তদুপৰি, গছ উভালি পৰাত বন্ধ হৈ পৰে কেইবাটাও পথৰ যাতায়ত ব্যৱস্থা। আজিও অন্ধকাৰত থাকিবলগীয়া হৈছে কেইবাখনো গাঁও। ইয়াৰে বিশেষকৈ ৰৌতা অঞ্চলটোৰ ধনশ্ৰীঘাটৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জামুগুৰিৰে কুৰুৱাবাহী হৈ ৰৌতামুখেদি মেৰাবিলেৰে ৰৌতাবাগান ৰেলৱে ষ্টেচনলৈ অহা-যোৱা কৰা মূল পথটোৰ মাজত সেইদিনাৰ বতাহত উভালি পৰে এজোপা ডেৰশ বছৰীয়া প্ৰকাণ্ড বট গছ। ফলস্বৰূপে, আজিও পথটোৰে যাতায়ত ব্যৱস্থা বন্ধ হৈ আছে। সেয়েহে উপায়ন্তৰ হৈ অঞ্চলটোৰ সকলো ৰাইজে যাতায়তৰ ক্ষেত্ৰত একেবাৰে কষ্ট ভোগ কৰি চাইকেল কান্ধত তুলি গছজোপাৰ ওপৰেৰে পাৰ হ’বলগীয়াত পৰিছে। গতিকে ধুমুহাত অঞ্চলটোৰ বিঘ্নিত হোৱা এই পথচোৱা যিহেতুকে এটি অন্যতম পথ সেয়েহে বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে বন্ধ পথ মুকলি কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।