নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ চুলতানগঞ্জত খহি পৰিল নিৰ্মাণৰত দলং; একেটা কোম্পানীয়ে যোগীঘোপাত নিৰ্মাণ কৰিছে দুই লাইনযুক্ত দলং

একেদৰে নিৰ্মাণ কৰিছে নেকি এই দলং :: সন্দেহৰ আৱৰ্তত

নিয়মীয়া বাৰ্তা, ২ মে:   বঙাইগাঁও জিলাৰ যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন  দুই লাইনযুক্ত দলং নিৰ্মাণ হৈ আছে ।বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম ইতিমধ্যে তীব্ৰগতি চলাই গৈছে ।প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বিগত বৰ্ষৰ ০২ ছেপ্তেম্বৰ তাৰিখে এক টুইটযোগে যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে ।মন্ত্ৰী গৰাকীয়ে দলংখন নিৰ্মাণৰ বাবে ৭৪৬.৭৬ কোটি টকা ধাৰ্য কৰে বুলি ঘোষণা কৰিছিল ।তথ্য মতে,বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম এছ পি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ঠিকালাভ লাভ কৰে । ৪.৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ হবলগীয়া দলংখন প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষৰ ১২ নবেম্বৰত কাম আৰম্ভ কৰে আৰু ২০২৪ চনৰ ১১ নভেম্বৰত কাম সম্পূৰ্ণ কৰাৰ চুক্তিবদ্ধ হয় ।প্ৰতিষ্ঠানটোৱে ইতিমধ্যে দলঙৰ পাঁচটাকৈ খুটি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । দলংখন নিৰ্মাণৰ কাম চলাই থকা সময়তে এছ পি সিংলা কোম্পানীটোৰ বিৰুদ্ধে এক ভয়ংকৰ খবৰে চিন্তিত কৰি তুলিছে যোগীঘোপাবাসী ৰাইজক ।প্ৰাপ্ত খবৰ মতে, এছ পি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ কোম্পানী টোৱে বিহাৰৰ চুলতানগঞ্জত গংগা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি আছিল । দলংখন  নিৰ্মাণৰ কাম চলি থকা সময়তে যোৱা শুক্ৰবাৰে নিশা ধুমুহা বৰষুণত ৪ আৰু ৬ নং খুটা খহি পৰে ।

এই দুৰ্ঘটনাত কোনো লোকে ক্ষয়-ক্ষতি হোৱা নাই যদিও দলংখন নিৰ্মাণৰ সময়তে খহি পৰাত দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।দলংখন নিৰ্মাণত নিন্মমানৰ সামগ্ৰীৰে কাম সংঘটিত কৰা বুলি চুলতানগঞ্জৰ জে ডি ইউৰ বিধায়ক ললিত নাৰায়ণ মণ্ডলে অভিযোগ উত্থাপন কৰে ।আনহাতে দলংখন নিৰ্মাণৰত অৱস্থাত এনেদৰে খহি পৰাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তদন্ত ঘোষণা কৰে ।এই খবৰে যোগীঘোপাৰ লগতে সমগ্ৰ জিলাখনৰ লোককে চিন্তিত কৰি তুলিছে । কাৰণ একেটা কোম্পানীয়ে যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ কৰি আছে ।এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে কোম্পানীটোৰ বিৰুদ্ধে বিহাৰ চৰকাৰে ঘোষণা কৰা তদন্তৰ প্ৰতিবেদন প্ৰকাশ নোপোৱালৈকে যোগীঘোপাৰ দলঙৰ কাম চলিব নেকি ? যিহেতু কোম্পানীটোৰ বিৰুদ্ধে নিন্মমানৰ সামগ্ৰী আৰু প্ৰযুক্তিৰে কাম কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।কোম্পানীটোৱে যিদৰে যোগীঘোপাত  দলং নিৰ্মাণৰ কাম চলাই গৈছে সেইদৰে লক্ষ্য কৰিলে যথেষ্ট সন্দেহৰ থল আছে ।বিহাৰৰ চুলতানগঞ্জত দলং ভঙাৰ পিছত উক্ত সন্দেহ অধিক ঘনীভূত হৈ পৰিছে। সেয়ে অসম চৰকাৰে যোগীঘোপাৰ দলং নিৰ্মাণৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ যোগীঘোপা বাসী ৰাইজে চৰকাৰক দাবী জনাইছে ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like