নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেয়সীৰ সৈতে বিবাহত বহিল ৬৬ বছৰীয়া অৰুণ লাল, প্ৰথম পত্নীয়ে দিছিল সন্মতি

বিশেষ বাৰ্তা, ৩ মেঃ যোৱা কিছুদিনৰ পৰা সংবাদ শিৰোণামত প্ৰাক্তন ক্ৰিকেট তাৰকা অৰুণ লাল। প্ৰথমা পত্নী থকাৰ পাছতো ৬৬ বছৰ বয়সত বিবাহত বহাৰ কথাটোত সকলোৱে ৰস পাইছে। কইনা বুলবুলৰ বয়স ৩৮। অৰুণ লালে জনোৱা মতে তেওঁৰ প্ৰথমা পত্নীৰ সন্মতিমতেই এইখন বিয়া হৈছে। প্ৰথমা পত্নীৰ স্বাস্থ্যৰ অৱস্থা একেবাৰেই বেয়া। বহুচৰ্চিত এই বিয়াখন অৱশেষত সোমবাৰে মধ্য কলকাতাৰ পঞ্চ তাৰকা হোটেলত মহা ধূমধামেৰে সম্পন্ন হ’ল। ইয়াৰ আগতে বুলবুল সাহাৰ সৈতে ৰেজিষ্ট্ৰী মেৰিজো হৈ গৈছে। হালধী লগোৱা পর্বৰে আৰম্ভ হৈছিল বিয়াৰ বিধি। এই বিয়ালৈ নিমন্ত্ৰিত সকলৰ ভিতৰত আছিল ভাৰতৰ ক্ৰিকেট বোৰ্ডৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলী, ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰশিক্ষক ৰবী শাস্ত্ৰী আদি। গাংগুলীৰ সৈতে বুলবুলৰো সু-সম্পৰ্ক। ইপিনে, ৰবী শাস্ত্ৰী খুবেই ভাল বন্ধু অৰুণ লালৰ। তেওঁলোক উপস্থিত হ’লনে নাই সেয়া জানিব পৰা হোৱা নাই। বিয়াত আমন্ত্রিত অতিথিৰ বাবে আছিল এলাহি ভোজৰ ব্যৱস্থা। বুলবুলৰ সৈতে অৰুণ লালৰ সম্পৰ্ক বহু পুৰণি। কিন্তু তেওঁলোকে যে এই সম্পৰ্কক বিবাহৰ ৰূপ দিব সেয়া কোনেও ভবা নাছিল।

You might also like