১০ মে’ত ড০ শর্মা চৰকাৰৰ প্রথম বর্ষপূর্তিঃ খানাপাৰাত ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত বিশেষ সমাৱেশৰ আয়োজন ৰাজ্যিক বিজেপিৰ
নিয়মীয়া বাৰ্তা, ৪ মেঃ ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্রথম বর্ষপূর্তি৷ যোৱা বছৰ ১০ মে’ত শপতগ্রহণ কৰা ড০ শর্মা চৰকাৰে অহা ১০ মে’ত এটা বছৰ সম্পূর্ণ কৰি দ্বিতীয় বছৰত ভৰি দিব৷ যোৱা এটা বছৰ সফলতাৰে অতিক্রম কৰা ড০ শর্মা চৰকাৰৰ প্রথম বর্ষপূর্তি উপলক্ষে ৰাজ্যিক বিজেপিয়ে ১০ মে’ৰ দিনা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিছে বিশেষ ৰাজহুৱা সভা৷ উক্ত কেন্দ্রীয় বর্ষপূর্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ অসম ভ্রমণৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত দলীয় নেতৃবৃন্দ এখন বৈঠকত মিলিত হয়৷ বৈঠকখনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ অসম ভ্রমণৰ সকলো দিশৰ ওপৰত পুংখানুপুংখ আলোচনা কৰাৰ লগতে বর্ষপূর্তিৰ কার্যসূচী সম্পর্কতো আলোচনা কৰে৷ বৈঠকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পীয়ূষ হাজৰিকা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাও উপস্থিত থাকে৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ অসম ভ্রমণৰ কার্যসূচীৰ বিষয়ে সদৰী কৰি কয় যে অহা ৯ আৰু ১০ মে’ত দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ আহিব৷ ৯ মে’ৰ পুৱাৰ ভাগত তেওঁ বিএছএফৰ কেইটামান কার্যসূচীত অংশগ্রহণ কৰিব৷ সেইদিনাই গধূলি সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নির্মাণ কৰি উলিওৱা ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ শুভ উদ্বোধন কৰিব৷ অহা ১০ মে’ৰ পুৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দেশৰ ৰাষ্ট্রপতিয়ে অসম আৰক্ষীক আগবঢ়োৱা ৰাষ্ট্রপতিৰ কলাৰ সন্মান ৰাষ্ট্রপতিৰ হৈ তেওঁ প্রদান কৰিব৷ ইয়াৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে দিনৰ ১.৩০ বজাত বর্তমানৰ ৰাজ্য চৰকাৰৰ প্রথম বর্ষপূর্তি উপলক্ষে খানাপাৰাত আয়োজিত ৰাজহুৱা সভা এখন সম্বোধন কৰিব৷ সেইদিনাই বিয়লিৰ ভাগত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হৈ গুৱাহাটীৰ পুলিচ ৰিজার্ভ, আৰক্ষী আয়ুক্তৰ কার্যালয়, কামৰূপ মেট্র’ৰ উপায়ুক্তৰ কার্যালয়, গুৱাহাটীত একেলগে তিনি হাজাৰৰো অধিক লোক বহি অনুষ্ঠান উপভোগ কৰিব পৰা প্রেক্ষাগৃহ এটাৰ আধাৰশিলা স্থাপনেকে ধৰি কেইবাটাও আন্তঃগাঁথনি নির্মাণৰ কামৰ শুভাৰম্ভ কৰিব৷ ইপিনে, ৰাজ্য চৰকাৰৰ প্রথম বর্ষপূর্তি উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনৰ সম্পর্কত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ৰাজহুৱা সমাৱেশখনত ডেৰ লক্ষাধিক লোকৰ সমাগম হ’ব৷ মূলতঃ নগাঁও, মৰিগাঁও, গুৱাহাটী, কামৰূপ, নলবাৰী, বজালী, দৰং, দক্ষিণ কামৰূপৰ পৰা দলীয় কার্যকর্তা আহিব৷ বিধায়ক, সাংসদসকলৰ সহযোগত এয়া সফল কৰা হ’ব৷ তদুপৰি বর্ষপূর্তিৰ দিনা জিলাই জিলাই স্থানীয় ৰাইজৰ সহযোগত নামঘৰ, সত্র, মন্দিৰত শৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব৷