গোলকগঞ্জত শ্ৰীশ্ৰীগৌড়ীয় বেদান্ত একাডেমীৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ৪ মেঃ আজি ধুবুৰী জিলাৰ গোলকগঞ্জত শ্ৰীগৌড়ীয় বেদান্ত সমিতিক অসম চৰকাৰে আবন্টন দিয়া ৮ বিঘা ভূমিত বেদান্ত একাডেমী (CBSE), বাণপ্ৰস্থ আশ্ৰম, অনাথ আশ্ৰম, গোশালা আৰু কাৰিকৰী দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ উদ্দেশ্যে ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় । ধুবুৰী জিলা উপায়ুক্ত এম পি আঙুমথুনে একাডেমীখনৰ আধাৰশিলা স্থাপন কৰি কয় যে উক্ত একাডেমীখনে অত্ৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰীয় পয্যায়ৰ শিক্ষা দান কৰায় নহয় উপযুক্তভাবে ভাৰতীয় সুনাগৰিক হিচাপে নিজৰ জীৱন গঢ় দিব পাৰিব । আনকি উক্ত মাটিখনত শ্ৰীগৌড়ীয় বেদান্ত একাডেমী স্থাপন কৰি অত্র অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পয্যায়ত শিক্ষাত ফেৰ মাৰিব পাৰিব বুলি জিলা উপায়ুক্তই মন্তব্য কৰে । অৱশ্যে ইয়াৰ পূৰ্বে গৌড়ীয় ধৰ্মৰ মহাৰাজসকলৰ উপস্থিতিত বিভিন্ন জনোগোষ্ঠীৰ সাংস্কৃতিক দল, ধৰ্মীয় দল আৰু স্থানীয় ৰাইজে শোভাযাত্ৰা উলিয়ায় চহৰখনত । পিছত চিলাৰায় কলেজৰ প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত এম পি আঙুমথুন, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, চিলাৰায় কলেজৰ প্রাক্তন অধ্যক্ষ সন্তোষ কুমাৰ ৰায় ,শিক্ষাবিদ দীপক কুমাৰ সৰকাৰ, ধুবুৰী চহৰৰ পৌৰপতি ডাঃ দেৱময় স্যান্যাল আদি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বেদান্ত একাডেমী সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় ।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰায়