সাময়িকভাৱে যোৰহাট–মাজুলী সংযোগী দলঙৰ নির্মাণ কার্য বন্ধ ঘোষণাঃ কাৰিকৰী দলে পৰীক্ষা কৰিব দলঙৰ ১২ খুঁটাৰ বহন ক্ষমতা
নিয়মীয়া বার্তা, ৪ মেঃ মাজুলীৰ উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষাৰ ওপৰত অগ্রাধিকাৰ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্বভাৰ লৈয়েই যোৱা বর্ষৰ ২৯ নৱেম্বৰত নিজেই যোৰহাট–মাজুলী সংযোগী দলঙৰ প্রথমটো খুঁটাৰ নির্মাণকার্য শুভাৰম্ভ কৰিছিল৷ হয়াৰ উপৰি আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনৰ আগেয়ে দলংখনৰ নির্মাণ সম্পূর্ণ কৰিবলৈ উভয় চৰকাৰে লক্ষ্য স্থিৰ কৰাত বর্তমান যোৰহাট–মাজুলী সংযোগী দলঙৰ মাজুলীৰ দিশৰ কেইবাটাও খুঁটাৰ পাইলিং (piling)ৰ কাম অব্যাহত আছিল৷ দলঙৰ মুঠ ৫৩টা খুঁটাৰ ভিতৰত এতিয়ালৈকে মুঠ ১২টা খুঁটাৰ প্রায় ৩০–৪০ ফুট গভীৰতালৈ পাইলিং হৈ উঠিছে৷ কিন্তু দলংখনৰ মাজুলীৰ দিশৰ খুঁটাসমূহৰ নির্মাণকার্য অব্যাহত থকাৰ মাজতে ৬ আৰু ৮ নম্বৰৰ দুটাকৈ খুঁটাত যোৱা ৩০ এপ্রিলত স্থানীয় দল–সংগঠনৰ প্রতিনিধিয়ে প্রকাণ্ড ফাট মেলা প্রত্যক্ষ কৰে৷ সেই অনুসৰি যোৱা ৩০ এপ্রিলত দক্ষিণপাটৰ দলং নির্মাণস্থলীত মাজুলীৰ এটা সাংবাদিকৰ দল, স্থানীয় দল–সংগঠনৰ প্রতিনিধি উপস্থিত হৈ দলং নির্মাণকাৰী সংস্থাক জবাবদিহি কৰাৰ পাছত নির্মাণস্থলীত উপস্থিত হৈছিল লোকনির্মাণ (ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ যোৰহাটস্থিত কার্যালয়ৰ সহকাৰী কার্যবাহী অভিযন্তা নিখিলেশ ভট্টাচার্য৷ ভট্টাচার্যই ঘটনা সন্দর্ভত বুজ লোৱাৰ সময়তে মাজুলীৰ বিধায়ক ভুবন গাম, মাজুলীৰ উপায়ুক্ত পুলক মহন্তই মাটিৰে পুতি পেলোৱা দলঙৰ ৮ নম্বৰ খুঁটাৰ ফাট মেলা অংশ জে চি বিৰে খান্দি চোৱাৰ পাছতে উপায়ুক্তই দলঙৰ ৮ নম্বৰ খুঁটাটোৰ নির্মাণকার্য সাময়িকভাৱে বন্ধ কৰি দিছিল৷ বহুপ্রত্যাশিত দলংখনৰ নির্মাণত দলংখনৰ মূল নির্মাণকাৰী সংস্থা UP State Bridge Corporationয়ে প্রাৰম্ভিক অৱস্থাতে বিসংগতি সংঘটিত কৰাৰ খবৰৰ মাজতে কালি মাজুলী–যোৰহাট দলং নির্মাণস্থলীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু উপ–সভাপতি হেমচন্দ্র গোস্বামী৷ মাজুলী জিলা যুৱ–ছাত্র পৰিষদৰ সভাপতি মুনীন্দ্র ভূঞা আৰু সাঃ সম্পাদক পৱিত্র বৰাসহ পৰিষদৰ অর্ধশতাধিক নেতা–কর্মীসহ দলটোৱে নির্মাণস্থলীৰ বিসংগতি হোৱা ৬ আৰু ৮ নম্বৰ খুঁটা পৰিদর্শন কৰি নির্মাণকাৰী সংস্থা আৰু সহকাৰী কার্যবাহী অভিযন্তা নিখিলেশ ভট্টাচার্যৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত বিভাগটোৰ কার্যবাহী অভিযন্তা প্রশান্ত শহকীয়াৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাই মাজুলীৰ বহু আকাংক্ষিত সপোনৰ দলংখন নিখুঁতভাৱে নির্মাণ হ’ব লাগিব বুলি দাবী জনোৱাৰ লগতে প্রতিটো খুঁটা কাৰিকৰী দলৰ হতুৱাহ পৰীক্ষা নকৰা পর্যন্ত কাম বন্ধ ৰখাৰ দাবী জনায়৷ হয়াৰ পাছতে সহকাৰী কার্যবাহী অভিযন্তা নিখিলেশ ভট্টাচার্যহ কেৱল বিসংগতি থকা ৮ আৰু ১১ নম্বৰ খুঁটাহ নহয়, দলঙৰ নির্মাণৰত ১২নং খুঁটা কাৰিকৰী দলে পৰীক্ষা নকৰা পর্যন্ত বন্ধ থাকিব বুলি জানিবলৈ দিয়ে৷ সাংবাদিকৰ দল আৰু স্থানীয় সংগঠনৰ প্রতিনিধিয়ে দলঙৰ বিসংগতিৰ চৰজমিন তদন্ত কৰি থাকোঁতেহ দলংখনৰ মূল নির্মাণকাৰী সংস্থাUPState Bridge Corporationৰ বিষয়া–অভিযন্তাক লগত লৈ সহকাৰী কার্যবাহী অভিযন্তা নিখিলেশ ভট্টাচার্য উপস্থিত হোৱাৰ পাছতেহ নির্মাণকাৰী সংস্থাৰ বিষয়া অভিযন্তাৰ সৈতে স্থানীয় সংগঠনৰ লোকৰ তীব্র যুক্তি–তর্ক হয়৷ মাজুলী জিলা যুৱ–ছাত্র পৰিষদৰ সাঃ সম্পাদক পৱিত্র বৰা আৰু অলিন হাজৰিকাসহ স্থানীয় ৰাহজে নির্মাণকাৰী সংস্থাক অনিয়মৰ সন্দর্ভত প্রশ্ণ কৰাত তেওঁলোকে অভিযোগ নস্যাৎ কৰিবলৈ চেষ্টা কৰে৷ হয়াৰ পাছতেহ নির্মাণস্থলীত মাজুলীৰ বিধায়ক ভুবন গামে বিভাগীয় উচ্চপদস্থ বিষয়াসহ উপস্থিত হৈ মাটিৰে পুতি পেলোৱা দলঙৰ ৮ নম্বৰ খুঁটাৰ বৃহৎ ফাট মেলা অংশ জে চি বিৰে খান্দি চোৱাৰ লগতে খুঁটাটো সঠিক মতে পাহলিং কৰা হৈছে নে নাহ কোম্পানীৰ বিষয়াৰ পৰা সবিশেষ জানিবলৈ বিচাৰে৷ জানিব পৰা মতে, দলংখনৰ খুঁটাসমূহ ১৩০ ফুট গভীৰতালৈকে পাইলিং কৰিব লাগিব৷ খুঁটাৰ বাহিৰত ৰড ৩২ এম এমৰ ১১৫ডাল আৰু ভিতৰত ১৬ এম এমৰ ৭০ডাল ৰড থাকিব লাগে৷ খুঁটাৰ বিসংগতি প্রত্যক্ষ কৰি মাজুলীৰ বিধায়ক ভুবন গামে মাজুলীৰ বহু আকাংক্ষিত দলংখন নির্মাণ অতি নিখুঁতভাৱে হ’ব লাগিব বুলি কোৱাৰ লগতে মাজুলীৰ ৰাহজক দলঙৰ কাম–কাজত সমানে চকু ৰাখিবলৈ আহ্বান জনায়৷ অভিযোগ অনুসৰি দলঙৰ চোৱাচিতাৰ দায়িত্বত মাজুলীৰ লোকনির্মাণ (পথ) বিভাগৰ ক্রমে সহকাৰী অভিযন্তা কিৰণ শহকীয়া, কনিষ্ঠ অভিযন্তা ৰাজীৱ শহকীয়া আৰু উত্তম দলে নামৰ এগৰাকীক দায়িত্ব দিয়া হৈছিল যদিও উক্ত অভিযন্তাকেহজন নির্মাণস্থলীলৈ নাহে৷ যাৰ পৰিপ্রেক্ষিতত নির্মাণকাৰী সংস্থাহ এনে বিসংগতি সংঘটিত কৰিব পাৰিছে বুলি ৰাহজে অভিযোগ তুলিছে৷ প্রাধিকৰণৰ সহকাৰী কার্যবাহী অভিযন্তা নিখিলেশ ভট্টাচার্যহ দলংখনৰ অনিয়ম সন্দর্ভত লোকনির্মাণ ৰাষ্ট্রীয় ঘাহপথৰ মুখ্য কার্যবাহী অভিযন্তাক প্রতিবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ উল্লেখ্য যে যোৰহাট–মাজুলীৰ দলঙৰ বাবে মুঠ ৯২৫.৪৭ কোটি টকা ব্যয় হ’ব যদিও ৬০০.৫৩ কোটি টকা মূল দলঙৰ কামত ব্যয় হ’ব৷