নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্মীয় শোভাযাত্ৰাৰে আৰম্ভণিঃ বাসুগাঁৱৰ গৌড়ীয় মঠত ধৰ্মসভাৰ বিশাল আয়োজনঃ মঠাধ্যক্ষৰে ভৰি পৰিছে বাসুগাঁও

নিয়মীয়া বাৰ্তা, ৬ মে: শ্ৰীগৌড়ীয় বেদান্ত সমিতিৰ প্ৰাক্তন সভাপতি আচাৰ্য্য বিষ্ণুপাদ ১০৮ শ্ৰীমদ্ভক্তিবেদান্ত বামন গোস্বামী মহাৰাজৰ ১০০ তম আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে আজিৰ পৰা দহদিনীয়াকৈ । ইয়াৰ লগত সংগতি ৰাখি শ্ৰীবাসুদেৱ গৌড়ীয় মঠৰ প্ৰাক্তন মঠাধক্ষ পূজ্যপাদ ত্ৰিদণ্ডী স্বামী ভক্তিবেদান্ত বিষ্ণু মহাৰাজ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৭ দিনীয়া ভাগবৎ প্ৰবচন তথা ১০ দিনব্যাপী সনাতন ধৰ্ম সমাৰোহ উদযাপন কৰা হব । আজি ৰাতিপুৱা ধৰ্মীয় শোভাযাত্ৰাৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰা হয় । বাসুগাঁও গৌড়ীয় মঠৰ মঠাধক্ষই আঁতধৰা অনুষ্ঠানটিত ধৰ্মীয় পতাকা জোকাৰি শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে পৰিচালনা সমিতিৰ সভাপতি সুৱল চন্দ্ৰ ৰায়ে । ইয়াৰ অন্তত পূজ্যপাদ শ্ৰীমদ্ভক্তিবেদান্ত বিষ্ণুমহাৰাজৰ শ্ৰীবিগ্ৰহত পুষ্পাঞ্জলি নিবেদন, পূজ্যপাদ বিষ্ণুমহাৰাজৰ জীৱন দৰ্শনৰ ওপৰত আলোচনাৰ উপৰি আবেলি মহাপ্ৰসাদ বিতৰণ, স্থানীয় আইসকলৰ নাম কীৰ্তন, প্ৰাৰ্থনা, মহাজন কীৰ্তন আৰু সন্ধিয়া আৰতি, মন্দিৰ পৰিক্ৰমা, সনাতন ধৰ্মসভা অনুষ্ঠিত হব । বাকী কেইদিন পৰম পূজ্যপাদ জগৎগুৰু শ্ৰীমদ্ভক্তিবেদান্ত স্বামী বামন গোস্বামী মহাৰাজৰ শ্ৰীচৰণত পুষ্পাঞ্জলি নিবেদন, গুৰু তত্ত্ব আলোচনা, বড়ো সমাজৰ কীৰ্তন, গুৰুদেৱ শ্ৰীমদ্ভক্তিবেদান্ত বামন গোস্বামী মহাৰাজৰ জীৱন দৰ্শনৰ ওপৰত আলোচনা, থিয় নাম, শ্ৰীমদ্ভাগবত প্ৰবচন, ৰাভা সমাজৰ কীৰ্তন, বঙালী ভজন কীৰ্তন, ৰাজবংশী সমাজৰ কীৰ্তন, নেপালী সমাজৰ কীৰ্তন, হিন্দী ভজন কীৰ্তন আৰু নৃসিংহ চতুদৰ্শী ব্ৰত উপবাসেৰে সামৰণি পৰিব । উল্লেখয্যোগ্য যে অনুষ্ঠানটিত আন্তৰ্জাতিক সনাতন ধৰ্ম প্ৰচাৰক বৃন্দাবনবাসী শ্ৰীধৰ গোস্বামী মহাৰাজৰ সুললিত কণ্ঠত শ্ৰীমদ্ভাগবত পৰায়নৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দি এই দহ দিনীয়া অনুষ্ঠানটি সাফল্য-মণ্ডিত কৰাত সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা একান্ত ভাৱে কামনা কৰিছে বাসুগাঁও শ্ৰীবাসুদেৱ গৌড়ীয় মঠৰ সেৱক বৃন্দই । উল্লেখ যোগ্য যে ইতিমধ্যে বাসুগাঁও গৌড়ীয় মঠ চৌহদত ভাৰতবৰ্ষৰ বিভিন্ন মঠৰ মঠাধক্ষ তথা সাধু-সন্ত ভৰি পৰা পৰিলক্ষিত হৈছে ।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like