মৰিয়নিত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ নাই কোনো ব্যৱস্থাঃ স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ
নিয়মীয়া বাৰ্তা, ৬ মেঃ মৰিয়নি বিধান সভা সমষ্টিত সম্প্ৰতি স্বাস্থ্যসেৱাই জনসাধাৰণৰ প্ৰয়োজনিয়তা পূৰণ কৰিব পৰা নাই । সমষ্টিটোত কেবাটাও স্বাস্থ্য কেন্দ্ৰ আছে যদিও জনস্বাস্থ্যৰ বাবে সেয়া পৰ্য্যাপ্ত নহয় । সমষ্টিটোৰ দুই লক্ষাধিক লোকৰ বাবে নাই সকলো সুবিধাৰে পূৰ্ণাংগ এখন চিকিৎসালয় । বিশেষকৈ গৰ্ভৱতী মহিলাসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে । অসম নগালেণ্ড সীমামূৰীয়া আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ অত্যধিক সমস্যাৰ সন্মুখীম হৈ আহিছে । গৰ্ভৱতী মহিলাসকলে আলট্ৰাচাউণ্ড কৰাৰ লগতে তেজ, প্ৰস্বাৱ আদিৰ পৰীক্ষা কৰাবৰ বাবে ৮০-৯০ কিলোমিটাৰ দূৰলৈ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত একাধিক গৰ্ভৱতী মহিলা আৰু শিশু উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুৰ মুখত পৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হৈছে । লক্ষণীয় যে, মৰিয়নি নগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নাগাজাংকাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰ, নকছাৰীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চুঙী লাহিঙৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছে যদিও গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে এখনতো নাই পৰ্য্যাপ্ত ব্যৱস্থা ।
আটছাৰ ভগ্নী সংগঠন অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটৱাৰ মৰিয়নি শাখাই এই বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । অসম চাহ জনজাতি মহিলা সমিতিৰ মৰিয়নি শাখাৰ সভানেত্ৰী উষা কুৰ্মী আৰু সাধাৰণ সম্পাদিকা জ্যোতি কুশল দাসে আজি স্বাস্থ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই সমস্যা সমূহ সমাধানৰ দাবী জনোৱাৰ লগতে আন কেবাটাও বিষয়ৰ দাবী জনায় । যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত তেওঁলোকে মৰিয়নি সমষ্টিৰ পয়ালগা স্বাস্থ্য সেৱাৰ বিষয়ে উল্লেখ কৰি মৰিয়নিত বিশেষকৈ গৰ্ভৱতী মহিলা আৰু শিশুৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।
তাৰোপৰি স্মাৰক পত্ৰৰ যোগেদি গৰ্ভৱতী মহিলাৰ লগতে আন ৰোগীৰ সুবিধাৰ্থে মৰিয়নিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা আল্ট্ৰাচাউণ্ড ইউনিট আৰু সম্পূৰ্ণ পৰীক্ষা কৰিব পৰা সুবিধা থকা এটা পৰীক্ষাগাৰ স্থাপন কৰা, মৰিয়নিত এগৰাকী স্ত্ৰী ৰোগ আৰু শিশু ৰোগ বিশেষজ্ঞক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, চুঙী লাহিঙৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সকলো গৰ্ভৱতী মহিলাৰ নিৰাপদ প্ৰসৱ কৰোৱাৰ ব্যৱস্থা কৰাকে ধৰি কেবাটাও দাবী পূৰণৰ আহ্বান জনাইছে । এই ক্ষেত্ৰত চৰকাৰ অথবা স্বাস্থ্য বিভাগে ইতিবাচক মনোভাব পোষন নকৰিলে গৰ্ভৱতী মহিলাও ৰাজপথলৈ আহিবলৈ বাধ্য হ’ব বুলিও তেওঁলোকে লগতে সকিয়াই দিছে ।