যোগীঘোপাত লজিষ্টিক পাৰ্ক নিৰ্মাণকাৰী সংস্থা এন এইচ আই ডি এলৰ ঠিকাদাৰৰ হঠকাৰিতাঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ অমান্য কৰি ঠিকাদাৰে চলাইছে বিবাদী ভূমিত পথ নিৰ্মাণৰ কাম
নিয়মীয়া বাৰ্তা, ৬মে’ : বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত অশোক কাগজ কলৰ ভুমিত নিৰ্মান হৈ থকা মাল্টিমডেল লজিষ্টিক পাৰ্কৰ পথ নিৰ্মাণৰ নামত এডোখৰ বিবদমান ভূমিত বলপূৰ্বক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কাম কাজ চলাই গৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক অমান্য কৰি প্ৰাধিকাৰণে যোগীঘোপাৰ এগৰাকী ঠিকাদাৰৰ জৰিয়তে কাম কাজ চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে । যোৱা ১৯ এপ্ৰিল তাৰিখে বঙাইগাঁও জিলা উপায়ুক্তক আব্দুল ৱাহাবে দাখিল কৰা আবেদন মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৯ এপ্ৰিল তাৰিখে চি আৰ পি (আই ও ) ৭৯/২০২২ নম্বৰৰ এটা আদেশ যোগে উক্ত বিবাদী ভূমিত কাম কৰিবলৈ মানা কৰিছে । কিন্তু প্ৰশাসনৰ এক আবেদনৰ ভিত্তিত যোৱা ৫ এপ্ৰিল তাৰিখে ৯১/২০২১ টাইটেল ছুইট নম্বৰত বঙাইগাঁও জিলা সত্ৰ ন্যায়াধীশে উক্ত ভূমিত জৰীপ চলোৱাৰ বাবে প্ৰশাসনক অনুমতি প্ৰদান কৰে । উক্ত অনুমতিৰ গইনা লৈ প্ৰশাসনৰ হস্তক্ষেপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণে স্থানীয় জনৈক বাবু খান নামৰ এগৰাকী ঠিকাদাৰৰ হতুৱাই কাম কাজ চলাইছে । পিছত সহিদুৰ ৰহমানৰ পক্ষই বঙাইগাঁও জিলা ন্যায়াধীশৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । বিষয়টো চালিজাৰি চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৯ এপ্ৰিল তাৰিখে চি আৰ পি (আই ও ) ৭৯/২০২২ নম্বৰৰ এটা আদেশ যোগে উক্ত বিবাদী ভূমিত কাম নকৰিবলৈ আদেশ দিয়ে কিন্তু প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক গুৰুত্ব দিয়া নাই বুলি সহিদুৰ ৰহমানৰ পক্ষই অভিযোগ কৰিছে । আদালতৰ নিৰ্দেশ অমান্য কৰি গাৰ বলত ঠিকাদাৰ বাবু খানে উক্ত ভুমিত পথ নিৰ্মাণৰ কামকাজ চলাই নিছে। ইতিমধ্যে অশোক কাগজ কলৰ পুৰ্বৰ বাউণ্ডাৰী ৱাল ভাঙি দিয়া বুলিও ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । এইখিনিতে উল্লেখ্য যে অশোক কাগজ কলৰ ভূমি প্ৰশাসনে সীমা নিৰ্ধাৰিত কৰি দিয়াত চৰকাৰে যোৱা ২০১৭/১৮ চনত ১৬.৬৭ কোটি টকা ব্যয়েৰে চাৰিসীমাৰ বেৰ নিৰ্মাণ কৰিছিল । কিন্তু পুনৰাই চাৰিসীমাৰ বাহিৰতো অশোক কাগজ কলৰ ভুমি আছে বুলি তথ্য দি আদালতৰ পৰা সীমা নিৰ্ধাৰণ কৰাৰ অনুমতি উলিয়াই আনিছে প্ৰশাসনেে। এই ঘটনাৰ পিছতে অশোক কাগজ কলৰ বৃহৎ পৰিমাণৰ ভুমি সীমা নিৰ্ধাৰণৰ বিষয়টোক ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । এইখিনিতে প্ৰশ্নৰ উত্থাপন হৈছে যে , অশোক কাগজ কলৰ পূৰ্বৰ সীমা নিৰ্ধাৰত বেমেজালি আছিল নেকি । ভুমিৰ প্ৰকৃত মালিক বুলি দাবী কৰা পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ সম্পৰ্কে বঙাইগাওঁ জিলা উপায়ুক্তৰ ওচৰত যোৱা ১৯ এপ্ৰিল তাৰিখে আবেদন দাখিল কৰি থৈছে | উল্লেখ্য মতে , বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কৰেয়া পাহাৰ গাঁৱৰ ৫১ বিঘা ৩ কঠা ১১ লেচা মাটি দীৰ্ঘ দিনৰ পৰা চটপাৰা গাৱৰ সহিদুৰ ৰহমান,ওমৰ আলী, মফিদুল ইছলাম ,মোফাজ্জেল ইছলামৰ নামত পট্ৰা ভূক্ত হৈ পিছতো আচঁনি আমবাৰী ডোং কমিটিৰ নামত বেআইনীভাৱে নামজাৰী কৰে | বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় ৰাজহ বিভাগৰ তদান্তীন অতিৰিক্ত উপায়ুক্ত জনৈক শৰ্মাই আচঁনি আমবাৰী ডোং কমিটিৰ নামত নামজাৰী কৰিব লাগে বুলি দিয়া অনুমোদনৰ ভিত্তিত বইটামাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ে নামজাৰী কৰে । চটপাৰা গাঁৱৰ সহিদুৰ ৰহমান, ওমৰ আলী ,মফিদুল ইছলাম, মোফাজ্জেল ইচলাম, আব্দুল ওৱাহাব আৰু নুৰুল ইছলাম (সকলোৰে পিতা মৃত্যু মোছলেম উদ্দিন আহমেদ) ৰ নামত থকা কৰেয়া পাহাৰৰ পাট্টা নং ৬৬ আৰু দাগ নং ৫৬ ৰ ৫৮ আৰু ৬২ ৰ ৫১ বিঘা ৩ কঠা ১১ লেচা ভূমি অবৈধ প্ৰক্ৰিয়াৰে নামজাৰী কৰাৰ বাবে অনুমোদন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল | পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ে তদান্তীন অতিৰিক্ত উপায়ুক্তক সুৰক্ষা দি এগৰাকী লাট মণ্ডলক নিলম্বিত কৰি উৰহিৰ খং ভগা ঢাৰিত জাৰিছিল | উক্ত ভূমি নামজাৰি কৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ তুলি ভুক্তভোগীয়ে বঙাইগাওঁ আদালতত ৪৯/২০১৯ নম্বৰৰ এটা গোচৰ তৰিছিল । উল্লেখ্য , মাল্টি মডেল লজিষ্টিক পাৰ্কৰ বাবে নিৰ্মান কৰিবলগীয়া পথৰ বাবে ভুমিৰ প্ৰায়োজন হোৱাত চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ বাবদ চৰকাৰে আদায় দিবলগীয়া ক্ষতিপুৰণৰ ধন যাতে অবৈধ প্ৰক্ৰিয়াৰে নামজাৰি কৰি লোৱা পক্ষই নাপায় তাৰ বাবেও বঙাইগাওঁ জিলা উপায়ুক্তৰ ওচৰত আবেদন দাখিল কৰিছে সহিদুৰ ৰহমানে | ইয়াৰ ওপৰিও সহিদুৰ ৰহমান পক্ষই ভুমিডোখৰৰ বাবদ চৰকাৰে দিবলগীয়া ধন বিবাদ নিষ্পত্তি নোহোৱালৈকে যাতে কাকো আদায় নিদিয়ে তাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে WP (C) 3336/2021 নম্বৰৰ আবেদনৰ ভিত্তিত যোৱা বছৰ ৭ আগষ্ট তাৰিখতে বিবাদ নিষ্পত্তি নোহোৱালৈকে কোনো পক্ষকেই ক্ষতিপুৰনৰ ধন আদায় নিদিবলৈ নিৰ্দেশ দিয়াও হৈছিল । শেহতীয়াকৈ পুনৰ চৰ্চাত আহিছে বিষয়টো । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক অমান্য কৰি জিলা প্ৰশাসনে কিহৰ ভিত্তিত ঠিকাদাৰৰ হতুৱাই বিবাদী ভুমিত কাম চলাই নিছে এয়াই আজিৰ তাৰিখত বৃহৎ প্ৰশ্ন হিচাপে থিয় দিছে।
প্ৰেৰক টিংকু চন্দ্ৰ দাস