পৌৰসভাৰ ৱার্ড সদস্যৰ মাহিলি পাৰিতোষিক ৫,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি
নিয়মীয়াবাৰ্তা,৯ মে’: ৰাজ্যৰ পৌৰসভাসমূহৰ ৱার্ড সদস্যসকলৰ মাহিলি পাৰিতোষিক ৫,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ দেওবাৰে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে বিয়লি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বিজেপিৰ নৱনির্বাচিত ৱার্ড সদস্যসকলৰ বাবে অনুষ্ঠিত এক সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰে৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচিত সদস্যসকলক সমর্পিত, পৰিশ্রমী, অধ্যৱসায় আৰু স্বচ্ছ মনোভাবেৰে জনসাধাৰণৰ কল্যাণমূলক কামসমূহ কৰি যাবলৈ আহ্বান জনায়৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ নীতি সাৰোগত কৰি দলৰ মূল উদ্দেশ্যক এক সামাজিক সবলীকৰণলৈ বিকশিত কৰিবলৈও সদস্যসকলৰ প্রতি মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, মন্ত্রী অশোক সিংহল, যোগেন মহন, সাংসদ পল্লৱলোচন দাস, বিধায়ক তৰংগ গগৈও উপস্থিত থাকে৷