বজালী আৰক্ষীৰ বৃহৎ সফলতাঃ চাৰি কুখ্যাত মবাইল চোৰ আটক
নিয়মীয়া বাৰ্তা, ৯ মেঃ বজালী জিলাৰ সদৰ পাঠশালাৰ একাংশ হোষ্টেলত আৰু পেয়িং গেষ্টত থকা আৱাসীৰ মবাইল ফোন, লেপটপ আদি ধাৰাবাহিকভাৱে চুৰি হৈ নগৰখনত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে বজালী আৰক্ষীয়ে যোৱা কিছুদিনত মাৰাথন অভিযান চলাই চাৰিজন মবাইল ফোন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনৰ তদন্তৰ অন্তত পাঠশালাৰ বিকি দাস নামৰ এজন গভাইত চোৰক বজালী আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰে৷ অনুৰূপ অপৰাধত পূৰ্বেও গ্ৰেপ্তাৰ হোৱা বিকিক লৈ আৰক্ষীয়ে এক আভিযান আৰম্ভ কৰে। বিকিয়ে চুৰি কৰি অনা মোবাইল ফোনসমুহ যাৰ, যাৰ তাত বিক্ৰি কৰিছিল তেওঁলোক ক্ৰমে ডেনাট্টাৰীৰ প্ৰসেনজিত দাস, সোনজিৎ অধিকাৰী আৰু ৰাজাঘাটৰ চাহিদুল আৰক্ষীয়ে আলীক গ্ৰেপ্তাৰ কৰি ত্ৰিশটাতকৈও অধিক চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা মোবাইল ফোন কেইটাৰ প্ৰকৃত গৰাকীক পাঠশালা আৰক্ষী চকীলৈ মাতি নি উপযুক্ত প্ৰমাণ লৈ আৰক্ষীয়ে তেওঁলোকক ওভটাই দিয়াৰ ব্যৱস্থা কৰে৷ বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নিৰ্দেশত পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ দাস আৰু পাঠশালা আৰক্ষীৰ তদন্তকাৰী বিষয়া দেৱজিৎ গিৰিৰ নেতৃত্বত চলা অভিযানত এই মোবাইল ফোন সমূহ উদ্ধাৰ হয় যদিও এতিয়াও আৰু বহু মোবাইল আৰু লেপটপ উদ্ধাৰ হবলৈ বাকী থকা হেতুকে আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে। বজালী আৰক্ষীৰ এই পদক্ষেপক ভূক্তভোগীসকলে ধন্যবাদ জ্ঞাপন কৰিছে৷ আজি বজালী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে ড্ৰাগছ আসক্ত একাংশ যুৱকে কেৱল টকাৰ বাবেই এনেধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছে৷ অটকাধীন চোৰ কেইজনক আৰু অধিক জেৰাৰ পিছত আন আন চুৰি সামগ্ৰীও উদ্ধাৰ হব বুলি আৰক্ষীয়ে আশা ব্যক্ত কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা