নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলোংগুৰি চাহ বাগিচাত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্নঃ ডেৰ শতাধিক মহিলাৰ স্বাস্থ্য পৰীক্ষা

বিশেষ বাৰ্তা, ৯ মেঃ যোৰহাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু হোলোংগুৰি চাহ বাগিচা আৰু পিৰামল স্বাস্থ্যৰ সহযোগত মৰিয়নিৰ হোলোংগুৰি চাহ বাগিচাত গৰ্ভৱতী মহিলা আৰু যোগ্য দম্পতীৰ এক স্বাস্থ্য পৰীক্ষা আজি অনুষ্ঠিত হয় । বাগিচাখনৰ চিকিৎসালয়ত অনুষ্ঠিত এই শিবিৰৰ ফিটা কাটি মুকলি কৰে যোৰহাট জিলাৰ যক্ষ্মা বিষয়া তথা ধঁ‌পাত নিয়ন্ত্ৰণ কোষৰ জিলা বিষয়া ভক্তিময় ভট্টাচাৰ্য্যই । উক্ত স্বাস্থ্য শিবিৰত হোলোংগুৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ লগতে যোগ্য দম্পতীৰ বিশেষকৈ মহিলাগৰাকীৰ প্ৰয়োজনীয় সংক্ৰমিত আৰু অসংক্ৰমিত ৰোগৰ পৰীক্ষা কৰা হয় । এই শিবিৰতে প্ৰতিগৰাকী মহিলাক তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰৰ বেমাৰ আজাৰৰ লগতে পুষ্টিকৰ খাদ্যৰ ওপৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে পৰামৰ্শ আগবঢ়োৱা হয় । হোলোংগুৰি চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসা বিষয়া তথা বিশিষ্ট চিকিৎসক ডাঃ খ্ৰীষ্টজ্যোতি বৰা আৰু পিৰামল স্বাস্থ্যৰ জিলা আঁ‌চনি বিষয়া দৰথী বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটোত নকছাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁ‌চনি বিষয়া মৃনালজ্যোতি ভূঞা, পিৰামল স্বাস্থ্যৰ জ’নেল মেনেজাৰ কমল ভট্টাচাৰ্য্য আদি উপস্থিত থাকে । শিবিৰটোত বিভিন্ন পৰীক্ষা আদি সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত HLFPPT ( MMU), N C D, AHANA, Jhpiego আদি একাধিক সংস্থাই সহযোগ কৰে । আনহাতে, নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰয়ো শিবিৰটোত সহযোগিতা আগবঢ়ায় ।ইফালে সমগ্ৰ শিবিৰটোত হোলোংগুৰি চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ খ্ৰীষ্টজ্যোতি বৰাই সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । উল্লেখযোগ্য যে, পিৰামল স্বাস্থ্য নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ‘সক্ষম’ নামৰ এক প্ৰকল্পৰ জৰিয়তে যোৰহাট জিলাৰ চাহ বাগিচা সমূহৰ মাতৃ, প্ৰসূতি আৰু নৱজাতকৰ স্বাস্থ্যৰ উন্নতিৰ হকে কাম কৰি আহিছে । এই সন্দৰ্ভত উদ্যোক্তাসকলে কয় যে, সচেতনতাৰ লগতে অপুৰিপুষ্টিজনিত কাৰণত চাহ বাগিচা সমূহত সৰ্বাধিক হাৰত প্ৰসূতি ৰোগী আৰু নৱজাতকৰ মৃত্যু হয় । সেয়েহে তেওঁলোকে চাহ বাগিচাসমূহৰ প্ৰসূতি আৰু নৱজাতকৰ বাবে এইদৰে কাম কৰি আহিছে । সচেতনতাৰ অভাৱৰ বাবেই বহুসংখ্যক প্ৰসূতি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায় । এইসমূহ চিনাক্তকৰণ কৰি তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবেই এনে শিবিৰৰ আয়োজন কৰা বুলিও তেওঁলোকে লগতে জানিবলৈ দিয়ে । আনহাতে, জিলাখনৰ প্ৰতিখন চাহ বাগিচাতেই এনে শিবিৰ অনুষ্ঠিত কৰাৰো পোষকতা কৰে তেওঁলোকে । আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত ডেৰ শতাধিক গৰ্ভৱতী মহিলাৰ লগতে যোগ্য দম্পতীৰ মহিলাই স্বাস্থ্য পৰীক্ষা কৰে । শিবিৰটোত স্বাস্থ্যকৰ্মী ৰূপম চুড়ী, হোলোংগুৰি চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী হেমন্ত কলিতা আদিয়েও অংশগ্ৰহণ কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like