জিএমচিএইচৰ নৱনিৰ্মিত ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় “হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ”ৰ শুভ উদ্বোধন
নিয়মীয়া বাৰ্তা, ৯ মেঃ অসমৰ স্বাস্থ্যখণ্ডত নতুন মাত্ৰাৰ সংযোজনেৰে গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ নৱনিৰ্মিত ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় “হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ” (চি এন চেণ্টাৰ) আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । নৱনিৰ্মিত অত্যাধুনিক ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়ে আগন্তুক দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে স্বাস্থ্য তথা চিকিৎসা সেৱাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব। এই চি এন চেণ্টাৰত এতিয়াৰে পৰা হৃদ ৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশ্বমানৰ সুলভ চিকিৎসা সেৱা উপলব্ধ হ’ব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৃষ্টিসম্পন্ন চিন্তা-পৰিকল্পনাৰ আধাৰত নিৰ্মিত এই অত্যাধুনিক ছুপাৰস্পেচিয়েলিটী হস্পিতালত অত্যাধুনিক যন্ত্ৰপাতিৰ সৈতে ৩০০খন বিছনা, হৃদয়-বক্ষ বিভাগ, হৃদয়-বক্ষৰ অস্ত্ৰোপচাৰ, স্নায়ু বিভাগ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰ, হৃদযন্ত্ৰ আৰু স্নায়ু সম্বন্ধীয় জৰুৰীকালীন সেৱা , সম্পূৰ্ণ অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ সুবিধা আৰু অত্যাধুনিক পৰীক্ষাগাৰ সেৱা উপলব্ধ হব। অনুষ্ঠানৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে।