জনহিত জনসেৱাৰ্থেঃ অসম আৰক্ষীয়ে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ নিচান
বিশেষ বাৰ্তা, ১০ মেঃ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা অসম চৰকাৰৰ আজি প্ৰথম বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তি উদযাপনৰ বাবে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। আজি পুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ নিচান। সত্ৰাধিকাৰৰ মংগলধ্বনি মাজত শান্তি আৰু যুদ্ধ দুয়োক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান আগবঢ়োৱা হৈছে। এই উপলক্ষে আজি পুৱা ৯.৩০ বজাৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে বৰ্ণাঢ্য অনুষ্ঠানৰ। গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে থকাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ আন আন শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে আৰক্ষীৰ উতকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা দশমখন ৰাজ্য হৈছে অসমে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো অসমবাসী আৰু অসম আৰক্ষীৰ বাবে গৌৰৱৰ দিন বুলি উল্লেখ কৰি অভিনন্দন জ্ঞাপন কৰিছে। এই সন্মান লাভ কৰাৰ পাছতে আৰক্ষীৰ জোৱানসকলক নাচ-গানেৰে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। সীমাহীন উছাহে চুই গৈছে তেওঁলোকক।