বিদ্যুৎ কৰ্তনৰ বাবে সলনি হৈছিল দৰা-কইনা
বিশেষ বাৰ্তা, ১০ মেঃ বিদ্যুৎ কৰ্তনৰ বাবে এইবাৰ ভাইৰেল হৈছে এখন বিয়া। বিদ্যুৎ কৰ্তনৰ বাবে প্ৰায় ভুল পাত্ৰৰ সৈতে বিবাহ হ’বলৈ লৈছিল দুই ভনীয়েকৰ। ঘটনাটো মধ্য প্ৰদেশৰ। ঘৰখনৰ তিনিজনী কন্যাৰ বিয়া একেলগেই ঠিক কৰা হৈছিল। তাৰে দুগৰাকী ভনীয়েকৰ বিবাহ অনুষ্ঠান একে সময়তে একে ঠাইতে অনুষ্ঠিত হৈছিল। দুয়োগৰাকী ভনীয়েকে একে পোছাক পিন্ধি আছিল। দৰাৰ সৈতে বিবাহৰ মণ্ডপত বহাৰ সময়ত বিদ্যুৎ নাছিল। সেয়ে ভুলতে দুয়ো ভনীয়েকে সলনা-সলনিকৈ দৰাৰ সৈতে বিবাহত বহিছিল। আন্ধাৰত কোনেও কথাটো ধৰিব পৰা নাছিল। পাছত হোমৰ গুৰিত সাত পাক ঘূৰাৰ সময়ত যেতিয়া বিজুলী আহে তেতিয়াহে এই ডাঙৰ ভুল ধৰা পৰে। পাছত যেনিবা কোনো মতে নিজৰ নিজৰ প্ৰকৃত পাত্ৰৰ সৈতে দুয়ো ভনীয়েকে বহি বিবাহকাৰ্য সম্পন্ন কৰে। এই ঘটনাই ছ’চিয়েল মিডিয়াত হাঁহিৰ খোৰাক দিছে।