নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন মিলনত গিৰিয়েকক ‘না’ বুলি ক’ব পৰা মহিলা ভাৰতত কিমান জানেনে

বিশেষ বাৰ্তা, ১০ মেঃ ভাৰতীয় সমাজত মহিলাৰ অৱস্থান একৈশ শতিকাৰ মাজভাগত আহিও ঠিক কেনেকুৱা সেয়া কিছুমান পৰিসংখ্যাৰ দিশলৈ চালেই পৰিষ্কাৰকৈ ওলাই পৰে। এই দেশত আজিও বিবাহিত মহিলাৰ ভিতৰত চাকৰি কৰে মাত্র ৩৩ শতাংশই, আজিও অলি-গলিতেই ৪৪ শতাংশ বিবাহিত মহিলাই বজাৰ-সমাৰ পর্যন্ত কৰিবলৈ যাব নোৱাৰে, তেওঁলোকে সেই অনুমতি নাপায়। কিন্তু শেহতীয়াকৈ নেচনেল ফেমিলী হেলথ ছার্ভে-৫ যি সমীক্ষা চলাইছে সেয়াই বাকী সমস্ত পৰিসংখ্যাৰ হিচাপ ওফোৰাই দিছে। এনএফএইচএছ-৫ৰ সমীক্ষাত কৈছে, ভাৰতৰ ৮২ শতাংশ বিবাহিত মহিলাই গিৰিয়েকৰ সৈতে যৌন সম্পর্ক স্থাপনত ‘না’ বুলি কোৱাৰ সাহস ৰাখে। ইচ্ছাৰ বিৰুদ্ধে গিৰিয়েকৰ সৈতে শাৰীৰিক সম্পৰ্কত মিলিত নহয়। তথ্য মতে, ৮২ শতাংশ অর্থাৎ দেশৰ প্রতি পাঁচগৰাকীৰ মাজত এগৰাকী বা তাৰো বেছি মহিলাই যদি নিবিচাৰে তেন্তে স্বামীক যৌন সম্পর্কত ‘না’বুলি ক’ব পাৰে। এইসকলৰ ভিতৰত সবাতোকৈ বেছি না ক’ব পৰা মহিলা আছে গোৱাত (৯২ শতাংশ)। এই ধৰণৰ সাহসীৰ সংখ্যা সবাতোকৈ কম আছে অৰুণাচল প্রদেশত (৬৩%)। জম্মু-কাশ্মীৰতো এই হাৰ খুবেই কম, মাত্র ৬৫ শতাংশ। যোৱা সপ্তাহত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দবিয়াই এই এনএফএইচএছ-৫ ৰ সমীক্ষাৰ তথ্য প্রকাশ কৰিছে।

You might also like