১৮-১৯ মে’ত ধুবুৰীত বহাগী উৎসৱঃ মুকলি সভাত মুখ্য অতিথিৰ পদ অলংকৃত কৰিব মৃণালিনী দেৱীঃ সাংস্কৃতিক সন্ধিয়া গানেৰে জীপাল কৰিব জুবলীয়ে
নিয়মীয়া বাৰ্তা, ১১ মেঃ ক’ভিডৰ বাবে থকা চৰকাৰী বাধা–নিষেধৰ বাবে বিগত দুবছৰ অনুষ্ঠিত নহ’লেও এইবেলি শ্ৰীমন্ত শংকৰ দেৱ সংঘ,ধুবুৰীৰ উদ্যোগত পুনৰায় অনুষ্ঠিত হ’ব বহাগী উৎসৱ–২০২২’’। ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ১৮ আৰু ১৯ মে’ত আয়োজন কৰা সেই কাৰ্য্যসূচীৰ দ্বিতীয় দিনা, অৰ্থ্যাৎ ১৯ মে’ৰ সন্ধিয়াৰ মুকলি সভাত মুখ্য অতিথিৰূপে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী উপস্থিত থাকিব বুলি উদ্যোক্তা সকলৰ তৰফৰ পৰা জনোৱা হৈছে। কাৰ্য্যসূচী অনুসৰি, ‘বহাগী উৎসৱ –২০২২’’ৰ প্ৰথম দিনা, অৰ্থ্যাৎ ১৮ মে’ৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিব। ইয়াৰ পিছত শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত পুৱা ১০ বজাত খেল–ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব বিহু মাইনা, বিহুপৰী আৰু বিহুকুঁৱৰী প্ৰতিযোগিতা। আৱেলি ৫ বজাৰ পৰা আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক এক মুকলি বিহু প্ৰতিযোগিতা। ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে উদ্বোধন কৰিবলগীয়া সেই মুকলি বিহু প্ৰতিযোগিতাখনত অসমৰ কেইবাখনো জিলাৰ বিহুৱা দলে অংশ ল’ব বুলি প্ৰকাশ। আনহাতে কাৰ্য্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ ১৯ মে’ৰ পুৱা ১০ বজাত ৰাজবংশী গীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পিছত বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব ৰাজবংশী নৃত্য প্ৰতিযোগিতা। সিদিনা সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা আৰু স্মৃতিগ্ৰন্থ ‘গগনা’ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন বিশেষ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী। মুকলি সভাখন সমাপ্ত হোৱাৰ পিছত পিছত ৰাজ্য চৰকাৰৰ কেবিনেট তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আনুষ্ঠানিক মঞ্চ উদ্বোধনৰ পিছত আৰম্ভ হ’ব সাংস্কৃতিৰ সন্ধিয়াৰ বিশেষ এক অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা আৰু পশ্চিমবংগৰ সাংস্কৃতিক গোষ্ঠীয়ে গীত পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী