ধাৰাবাহিকভাৱে একাংশ যুৱক-যুৱতী আলফালৈ যোৱাটো চিন্তাৰ কাৰণ- কমলা কলিতাঃ ৰঙিয়াত খাদী-গ্ৰামোন্নয়নৰ স্বনিৰ্ভৰশীল আঁচনিৰ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ১১ মে’:- আলফা (স্বাধীন) লৈ পুনৰ একাংশ যুৱক-যুৱতী যোৱাটো অসমৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে । উগ্ৰবাদ সমস্যাটো কিছু পৰিমাণে দূৰ হোৱাত অসমত এক উন্নয়নৰ বাতাৱৰণ আহিবলৈ ধৰিছে । চৰকাৰৰ লগতে আলফায়ো আলোচনাৰ বাবে সদিচ্ছাৰে আগবাঢ়িব লাগে । এই মন্তব্য অসম খাদী ব’ৰ্ডৰ অধ্যক্ষ , প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাৰ। আজি ৰঙিয়াৰ বৈদ্যগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন স্বনিৰ্ভৰশীল আঁচনিৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ডাঃ কলিতাই উগ্ৰপন্থী সমস্যা সম্পূৰ্ণৰূপে সমাধান নহ’লে উন্নয়নত বাধা আহি পৰে বুলি মত প্ৰকাশ কৰে । ইফালে থলুৱা গামোচা ব্যৱহাৰৰ প্ৰতি সকলোকে সজাগ হবলৈ আহ্বান জনাই অধ্যক্ষ কলিতাই কয় যে পূৰ্বতকৈ থলুৱা গামোচাৰ আদৰ বাঢ়িছে । বহি:ৰাজ্যৰ পৰা অহা গামোচাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ হব নোৱাৰাৰ কাৰণটোৱে হৈছে অসমত চাহিদা অনুপাতে উৎপাদন কম । এনে সমস্যাটো নাইকিয়া কৰাৰ বাবে খাদী ব’ৰ্ডে কিছু পদক্ষেপ হাতত লোৱা বুলি তেওঁ দোহাৰে । খাদী ব’ৰ্ডে বিভিন্ন প্ৰকাৰে গ্ৰামাঞ্চলৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ চেষ্টা অব্যহত ৰাখিছে । ইয়াৰ পূৰ্বে অগপৰ ৰঙিয়া বিধান পৰিষদৰ উদ্যোগত তথা বৈদ্যগড় আৰু বিছেন্নালা পৰিষদৰ সহযোগত স্থানীয় ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা উক্ত কৰ্মশালাৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলা শিপিনী সকলক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হয় । বৈদ্যগড় আৰু বিছেন্নালা পঞ্চায়তৰ পৰা সমবেত শতাধিক প্ৰশিক্ষাৰ্থীক খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধিনত স্ব-নিৰ্ভৰশীল হব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰে । বিধান পৰিষদৰ সভাপতি লীলাধৰ শালৈয়ে আঁত ধৰা অনুষ্ঠানটোত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱ ভৰালী , সাংগঠনিক সম্পাদক নিবেদিতা ডেকা , জ্যেষ্ঠ নেতা উমেশ কলিতা , বিধান পৰিষদৰ উপ সভাপতি প্ৰদীপ বড়ো , জন্মিৰাম শালৈ , গোলোক দাস, আতোৱাৰ ৰহমান, যুৱ পৰিষদৰ বিদ্যুৎ ডেকা আৰু মকিবৰ ৰহমান উপস্থিত থাকে।
প্ৰেৰক ফাৰুক হুছেইন