সৰুক্ষেত্ৰীৰ উত্তৰ পূব পাকা পঞ্চায়তৰ আঞ্চলিক সদস্য মৃণাল ৰয়ৰ অকাল বিয়োগ
নিয়মীয়া বাৰ্তা, ১২ মে: বজালী জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ উত্তৰ পূব পাকা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মৃণাল ৰয়ৰ আকস্মিক বিয়োগে বৃহত্তৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । যোৱা বুধবাৰে নিশা মৃত্যুৰ সতে হাৰ মানে ৩৯ বছৰীয়া মৃণাল ৰয়ে| গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত কালি তেওঁ মৃত্যুক সাবটি লয় মৃণালে| মৃণাল ৰয় বি জে পিৰ সক্ৰিয় কৰ্মী আছিল । ৰয়ে যোৱা কিছুদিন যকৃত সংক্ৰান্তীয় সমস্যাত ভুগি আছিল । মৃত্যুৰ সময়ত পত্নীসহ সাত বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায় মৃনালে|ৰয়ৰ মৃতদেহ আহি ঘৰ পোৱাৰ লগে লগে হাহাকাৰ পৰিৱেশ মৃনালৰ পৰিয়ালত| মৃনাল ৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অগপ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে। পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীৰ ওচৰত পৰিয়ালৰ সংস্থাপনৰ দাবী কৰিছে।
প্ৰেৰক আফতাব হুছেইন