মৰিয়নিত আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন
বিশেষ বাৰ্তা, ১২ মেঃ মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন কৰ হয় । এই উপলক্ষ্যে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত আন্তৰ্জাতিক নাৰ্ছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ‘লেডী উইথ দ্য লেম্প’ ফ্ল’ৰেন্স নাইটিঙ্গেলৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত স্বাস্থ্য শিক্ষা কৰ্মী অৱনী বৰাই । আনহাতে, শিক্ষাবিদ- সমাজকৰ্মী নেকিবুল ইছলামে স্বাস্থ্য সেৱিকা সকলৰ উৎসৰ্গিত সেৱাই সমাজ উত্তৰণত এক সাৱলীল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি এই সেৱাৰ দ্বাৰাই ভেল্লৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজৰ প্ৰতিষ্ঠাপক ইদা স্কুডাৰৰ প্ৰসংগও মনলে আহে বুলি উল্লেখ কৰে । ইয়াৰ পূৰ্বে মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ৰূপজ্যোতি ফুকনে কেক্ কাটি কাৰ্য্যসূচী মুকলি কৰে । আনহাতে, জ্যেষ্ঠা স্বাস্থ্য সেৱিকা সুমিত্ৰা দলেই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত বিউটি মাৰিয়াই শপত বাক্য পাঠ কৰোৱায় । বন সংগীতা বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথিবৃন্দৰ লগতে জ্যেষ্ঠা স্বাস্থ্য সেৱিকা নিৰুপমা হাজৰিকা, সহকাৰী খণ্ড আঁচনি বিষয়া গগন কলিতা, জ্যেষ্ঠ স্বাস্থ্য কৰ্মী ভানু মজুমদাৰ, অজিত বৰা, মৰিয়নি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ কস্তুৰী আগৰৱালা আদিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া