নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত ই-স্কুটিৰ শ্ব’ৰুম মুকলি

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীত প্ৰথমখন ই-স্কুটিৰ শ্ব’ৰুম আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।যোগীঘোপাৰ কাবাইটাৰীস্থিত ইণ্ডিয়ান অইল পেট্ৰ’ল পাম্পৰ সমীপত থকা ‘অকিনাৱা ইলেক্ট্ৰনিক ভেহিকেল” নামৰ শ্ব’ৰুমটো আজি পুৱা আনুষ্ঠানিক ভাৱে মুকলি কৰে । কমন চাৰ্ভিচ ছেন্টাৰৰ প্ৰৱন্ধক জানজশ্ৰী সৰকাৰ আৰু চি এছ চিৰ বিষয়া  অৰুনভ গোস্বামী উপস্থিত থাকি  আনুষ্ঠানিক ভাৱে মুকলি কৰে।উক্ত মুকলি অনুষ্ঠানত বৰ্তমান পেট্ৰ’লৰ অত্যধিক মুল্যবৃদ্ধিৰ সময়ত ই-স্কুটিৰ ব্যৱহাৰৰে সৰ্বসাধাৰণ লোকে কেনেদৰে সকাহ পাব তাৰ বিষয়ে বিতং ভাবে আলোচনা কৰে চি এছ চি বিষয়া দুগৰাকীয়ে ।উক্ত মুকলি অনুষ্ঠানত মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শ্বেখ ফকৰুদ্দিন আলী আহমেদ, প্ৰৱক্তা এবাদুল হুছেইন, বঙাইগাঁও জিলা  চি এছ চিৰ হিৰণ্ময় ডেকা,দীগন্ত কলিতা,পীতাম্বৰ ৰায়, গগন পাটগিৰি আৰু প্ৰশান্ত দাস উপস্থিত থাকে । এই শ্ব’ৰুমটোত গ্ৰাহকৰ বাবে শেহতীয়া সকলো ডিজাইনৰ ই-স্কুটি উপলব্ধ হব বুলি শ্ব’ৰুমটোৰ স্বত্বাধিকাৰ মোস্তাফিজুৰ ৰহমান জনাইছে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like