ফিফা বিশ্বকাপত প্রথমবাৰ ৬ মহিলা ৰেফাৰী
নিয়মীয়া বাৰ্তা,২০ মে’: পুৰুষৰ বিশ্বকাপ ফুটবলত প্রথমবাৰৰ বাবে মহিলা ৰেফাৰীয়ে খেল পৰিচালনা কৰিব৷ ফুটবলৰ মুৰব্বী সংস্থা ফিফাই জনোৱা মতে, কাটাৰ বিশ্বকাপত দেখা যাব তিনিগৰাকী মহিলা ৰেফাৰী৷ এই তিনিগৰাকী মহিলা ৰেফাৰীৰ লগতে থাকিব তিনিগৰাকী সহকাৰী মহিলা ৰেফাৰী৷ এই বছৰৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগা কাটাৰ বিশ্বকাপত প্রথমবাৰৰ বাবে ছয়গৰাকী মহিলাই কেইবাখনো মেচ পৰিচালনা কৰিব৷ এই ৰেফাৰীসকল হ’ল– ফ্রান্সৰ ষ্টেফানী ফ্রেপার্ট, ৰুৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ য়চিমী য়ামাচিটা৷ তেওঁলোকক সহকাৰী ৰেফাৰী হিচাপে সহায় কৰিব ব্রাজিলৰ নেউজা বেক, মেক্সিকোৰ কাৰেন ডিয়াজ মেডিনা আৰু আমেৰিকাৰ কেথৰিন নেছবীথ৷
উল্লেখ্য যে মুঠ ৩৬গৰাকী ৰেফাৰী, ৬৯গৰাকী সহকাৰী ৰেফাৰী আৰু ২৪গৰাকী ভিডি’ মেচ ৰেফাৰী নির্বাচিত কৰিছে ফিফাই৷ ফিফাই দীর্ঘদিন ধৰি মহিলা ৰেফাৰীক দায়িত্ব প্রদানৰ প্রক্রিয়া চলাই আহিছিল আৰু এইবাৰ সেই প্রক্রিয়া সম্পূর্ণ হ’ল৷ বিশ্বৰ শীর্ষ পর্যায়ৰ ফুটবল প্রতিযোগিতা হোৱাৰ বাবে ৰেফাৰীসকলৰ গুৰুত্ব সর্বাধিক বুলি ফিফাই জানিবলৈ দিয়ে৷