নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটঃ নিৰ্মীয়মাণ ধুবুৰী–ফুলবাৰী দলঙৰ কামৰো অগ্ৰগতিৰ ললে বুজ

নিয়মীয়া বাৰ্তা, ২০ মে’ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে আজি ধুবুৰীত উপস্থিত হৈ আহি জিলাখনত ৰূপায়িত হৈ থকা আকাংক্ষিত জিলা  কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আকাংক্ষিত জিলা কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা শিক্ষা, কৃষি, সমাজ কল্যাণ, স্বাস্থ্য, পশুপালন আদি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, বিলসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সেই বৈঠকখনত মন্ত্ৰীগৰাকীয়ে ধুবুৰীক আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাৰ আগৰ আৰু বৰ্তমানৰ পৰিস্থিতিৰ বিষয়টো  স্পষ্টভাৱে জানিব লাগিব বুলি উল্লেখ কৰে৷ বৈঠকখনৰ পিছতে সাংবাদিকৰ সৈতে হোৱা  বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  জিলাখনত ৰূপায়িত হৈ থকা  আকাংক্ষিত জিলা  কাৰ্যসূচীসমূহৰ বৰ্তমানৰ স্থিতি জানিবলৈ ধুবুৰীলৈ অহা বুলি সদৰি কৰে। আজিৰ সেই  পৰ্যালোচনা বৈঠকখনৰ পিছত  বিয়লিৰ ফালে  ধুবুৰী আৱৰ্ত ভৱনত স্থানীয়  মান্যগন্য ব্যক্তি একাংশৰ  সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মতবিনিময়ো কৰে৷ উল্লেখ্য যে, আজি গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে ধুবুৰীত উপস্থিত বোৱাৰ পিছত তেওঁ প্ৰথমে  স্থানীয় ভোলানাথ মহাবিদ্যালয়ৰ  এন.চি.চি. কেডেট সকলৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত ভাগ লয় আৰু তাৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰ ওপৰেদি নিৰ্মাণ কৰি থকা ধুবুৰী আৰু ফুলবাৰী সংযোগী  দলংখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয় আজি  এদিনীয়া ভ্ৰমণ কালত ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘‘শ্ৰী গুৰু টেগ বাহাদুৰ সাহিবজী’ গুৰুদ্বাৰাতো উপস্থিত হৈ তেওঁ সেৱা আগবঢ়ায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like