নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত আছাৰ দুঘণ্টীয়া ধৰ্মঘটঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

বিশেষ বাৰ্তা, ২১ মে’ : কাছাৰৰ ডুলু চাহ বাগিচাৰ উচ্ছেদিত প্রায় তিনিহাজাৰ আদিবাসী চাহ শ্ৰমিকসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰ্ণ প্ৰদান কৰাৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা )ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সোণাৰি লাচিত উদ্যানত ৰূপায়ণ কৰা উক্ত কাৰ্য্যসূচীত সংগঠনটোৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে । ইয়াৰ অন্তত বাগিচা কর্তৃপক্ষ আৰু মজদুৰ ইউনিয়নৰবোৰৰ মাজত স্বাক্ষৰিত হোৱা MOU খনত উল্লেখিত নোহোৱা বিষয় অর্থাৎ উচ্ছেদিত চাহ শ্ৰমিকসকলক ভূমি আৰু আর্থিক সাহায্য সহ পুনঃসংস্থাপনত সর্বাধিক গুৰুত্ব প্ৰদান কৰা, বাগিচাখনৰ মাটিত বিমানবন্দৰ নিৰ্মাণৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উপস্থিতিত বাগিচা কৰ্তৃপক্ষ আৰু মজদুৰ ইউনিয়নবোৰৰ মাজত স্বাক্ষৰিত হোৱা MOU খনত লিপিবদ্ধ হোৱা চাহ শ্ৰমিকৰ স্বাৰ্থজড়িত সকলো দফা যাতে আখৰে আখৰে ৰূপায়িত কৰা হয় তাক নিশ্চিত কৰা , MOU ঘনত লিপিবদ্ধ কৰা মনিটৰিং কমিটিত জিলা প্রশাসন আৰু অন্যান্য অবাজনৈতিক দল সংগঠনৰ আৰু চাহ শ্রমিক সমাজৰ সচেতন ব্যক্তি সকলক অন্তর্ভূক্ত কৰা আৰু বাগিচা বিলাকৰ শিক্ষিত নিবনুৱা যুৱক – যুৱতীসকলক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা এক স্মাৰক পত্ৰ চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
প্ৰেৰক : দীপাংকৰ পাল

You might also like