নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰমাৰাত ‘বন্যবন্ধু’ ৰ প্ৰশংসনীয় পদক্ষেপঃ কলহী নদীৰ দুষ্প্ৰাপ্য শিহু সুৰক্ষা সন্দৰ্ভত চাইকেল ৰেলীৰে সজাগতাৰ সৃষ্টি

নিয়মীয়া বাৰ্তা, ২২ মেঃ কলহী নদীৰ শিহু বচাও আহক, নদী থাকিলেহে শিহু থাকিব, শিহু থাকিলেহে মানুহ থাকিব, কলহী নদীক ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰিব, প্ৰকৃতি আমাৰ প্ৰাণ আদি শ্লো-গানেৰে আজি দক্ষিণ কামৰূপৰ “বন্যবন্ধু” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে এক বিশাল চাইকেল ৰেলীৰে সজাগতাৰ সৃষ্টি কৰে। পলাশবাৰী সমষ্টিৰ কুকুৰমাৰা ৰোহিণী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰাই দেওবাৰে পুৱাই ৮ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। কুকুৰমাৰাৰ বিট অফিচাৰ ধৰ্মেন্দ্ৰ বৰুৱাই ফ্লেগ অন কৰাৰ পিছতই ‘বন্যবন্ধু’ৰ দলটিয়ে কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানটিৰ আত ধৰে বন্যবন্ধু তথা উদিয়মান লেখক দীপাংকৰ ঠাকুৰীয়াই । উদেশ্য বাখ্যা কৰে ‘বন্যবন্ধু’ প্ৰসন্ন কলিতাই। উক্ত সজাগতা অভিযানত উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী কমল মালী, ডাঃ গৰ্গৰাম মালীৰ লগতে অঞ্চলটোৰ বহুকেইজন প্ৰকৃতিপ্ৰেমীয়ে। কুকুৰমাৰা ৰোহিণী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ কৰা ‘শিহু বচাও’ শীৰ্ষক সজাগতামূলক অভিযানৰ সামৰণি পৰাৰ অন্তত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এক সজাগতামূলক সভাও অনুষ্ঠিত হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কলহী নদীৰ বুকু অভাৱনীয়ভাৱে শুকাই যোৱাৰ ফলত জীৱকুলৰ লগতে পৃথিৱী বিখ্যাত কুকুৰমাৰা কলহী নদীৰ শিহুলৈ তীব্ৰ সংকট নামি আহিছে।

প্ৰেৰক ভগৱান দাস

You might also like