নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্ত জনৰ কাষত হোজাইৰ বিভিন্ন সংগঠন : দীৰ্ঘ দিনৰ মূৰত ওলাই আহিল মাৰোৱাৰী যুৱ মঞ্চ

নিয়মীয়া বার্তা, ২২ মে : সৰ্বসাধাৰণৰ বিপদৰ সময়ত পূৰ্বৰ দৰে হোজাই জিলাৰ ব্যৱসায়িক চহৰ হোজাইৰ বিভিন্ন দল সংস্থা আৰ্ত জনৰ সহায়ত বাবে এইবাৰো ওলাই আহিল । ২০০৪ চনত কোনো আগজাননী নিদিয়াকৈ কপিলী জলবিদ্যুৎ প্ৰকল্পই গেট খুলি দিয়াৰ পিছত জিলাখনৰ লংকা, হোজাই আৰু ডবকা ৰাজহ চক্ৰত যি ভয়াবহ বানৰ পৰিস্থিতি সৃষ্টি হৈছিল সেই সময়ত জিলা খনৰ এই ব্যৱসায়িক চহৰ খনৰ লোক সকলে এই বানাক্ৰান্ত সকলক যি সহায় কৰিছিল সেয়া বহু বছৰলৈ আৰ্ত সকলে পাহৰিব পৰা নাছিল । সেই সময়ৰ বান পৰিস্থিতি ইমানেই ভয়াবহ আছিল যে, বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কাৰ্য চলাব লগীয়া হৈছিল ।সুদীৰ্ঘ ওঠৰ বছৰৰ মূৰত এইবাৰ পুনৰ কপিলী জল বিদ্যুত প্ৰকল্পই তিনিখন গেট খুলি দিয়াত হোজাই জিলাত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখযোগ্য যে, কপিলী জল বিদ্যুৎ প্ৰকল্পই পূৰ্বতে হোজাই জিলা প্ৰশাসনক অৱগত কৰোৱাত জিলা প্ৰশাসনে কিছু প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও পূৰ্বৰ তুলনাত বানৰ গতি বৃদ্ধি পোৱাত পৰিবেশ ভয়াবহ হৈ পৰে । উল্লেখ্য যে, ২০০৪ চনত হঠাৎ অহা বানে হোজাই গুৱাহাটী সংযোগী ৰেল পথ ভাঙি বিস্তৰ ক্ষতি কৰিছিল । সেই বানৰ পিছত বিশেষজ্ঞ সকলে উক্ত ৰেল পথত দহটা পকী পুলৰ প্ৰস্তাৱ দিছিল যদিও ৰেল ব’র্ডে মাত্ৰ পাঁচটাহে অনুমোদন দিয়াত সেই কেইটা নিৰ্মান কৰাত এইবাৰ বানে ৰেল পথৰ তেনে কোনো বিস্তৰ ক্ষতি নহল যদিও বাঢ়নী পানীয়ে ৰেল পথৰ বহু ঠাই ক্ষতি কৰে । এইবাৰৰ বানৰ এই ভয়াবহতাৰ প্ৰতি পূৰ্বে ৰেল ব’র্ডে নাকচ কৰা পকী পুল নিৰ্মান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি সচেতন মহলে মন্তব্য কৰে । ব’র্ডে পূৰ্বতে নাকচ কৰা সেই পকী পুল কেইটা তেতিয়াই নিৰ্মান কৰা হলে এইবাৰ হোজাইৰ বান পৰিস্থিতি ইমান ভয়াবহ নহল হেতেন বুলিও মন্তব্য কৰে । সুদীৰ্ঘ ওঠৰ বছৰৰ মূৰত হোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পূৰ্বৰ দৰে এইবাৰো ওলাই আহিল হোজাই চহৰৰ বিভিন্ন দল সংগঠন । এইবাৰ দীৰ্ঘ দিনৰ অন্তত পূৰ্বতে হোজাই অঞ্চলত বিভিন্ন সামাজিক কাম কৰি প্ৰশংসিত সোৱজ মাৰোৱাৰী যুৱ মঞ্চৰ হোজাইৰ কৰ্মকর্তা সকলক বানাক্ৰান্ত সকলক মাজত দেখা গল । হোজাইৰ ৰামকৃষ্ণ সেৱাশ্ৰম, পুৰণা বজাৰ গনপতি উৎসৱ উদযাপন সমিতি, গোবিন্দ আশ্ৰম, মুন হাজৰাৰ নেতৃত্বত বিষ্ণুপল্লী যুৱ সমাজ, ভাৰত সেৱাশ্ৰম সংঘ, ৰবীন হুড আৰ্মী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখা, হোজাই উন্নয়ন মঞ্চ আদিৰ লগতে দীৰ্ঘ দিন ধৰি নিস্ক্ৰিয় হৈ থকা মাৰোৱাৰী যুৱ মঞ্চৰ হোজাই শাখাৰ পুনৰ সক্ৰিয় হৈ বৰ্তমানৰ সভাপতি নবীন আগৰৱালাৰ নেতৃত্বত প্ৰায় দহ জনীয়া এটা দলে হোজাইৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত সকলক বিভিন্ন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে, আলু, ডালি, চাউল, চেনী, মিঠাতেল, আটা আদি সামগ্ৰী বিতৰণ কৰে । মঞ্চৰ সদস্য সকলে ব্যক্তিগত নাও ভৰা কৰি সাহস্য সামগ্ৰী সমূহ বিতৰণ কৰে ।এই সংগঠন সমূহত উপৰিও হোজাই পুৰণা বজাৰৰ ব্যৱসায়ী সকলেও বানাক্ৰান্ত সকলক বিভিন্ন সামগ্ৰীৰে সহায় কৰে । উল্লেখ্য যে, জিলা উপায়ুক্তই নির্ধাৰিত সময়ত সাহায্য সামগ্ৰী যোগান ধৰিছিল যদিও হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জনৰ অকৰ্মণ্যতাৰ বাবে সঠিক সময়ত বানাক্ৰান্তৰ কাষলৈ খাদ্য সমগ্রী সমূহ গৈ নাপালে । এনে সময়ত উল্লিখিত সংগঠন আৰু সমূহে যদি খাদ্য সামগ্ৰী যোগান নধৰিলে হেতেন তেন্তে বানাক্ৰান্ত সকল বানৰ পানীত নহয় ভোকত প্ৰাণ গল হেতেন বুলি অধিকাংশ বানাক্ৰান্তই প্ৰকাশ কৰে। বিগত চাৰি চনৰ বানত হোজাইত কেইবাজনো লোকৰ প্ৰাণ হানি হৈছিল যদিও এইবাৰৰ বানত হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত এজন লোকৰো প্ৰাণ হানি হোৱাৰ তথ্য চৰকাৰী ভাবে নাই অৱশ্যে এই ক্ষেত্ৰত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থই তৎপৰতাৰে লোৱা বিশেষ ভূমিকাৰ কথা সচেতন মহলে স্বীকাৰ কৰে ।

প্ৰেৰক:-কিশলয় ডি গোস্বামী

You might also like