৮ জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ তুলিৰাম ৰংহাঙে দাখিল কৰিলে মনোনয়ন পত্ৰ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা ৮ জুনত অনুষ্ঠিত হ’ব । ত্ৰয়োদশ পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে যোৱা ২১ মে’ৰ পৰা আজি পৰ্যন্ত মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা জিলাখনৰ ৯ টা পৰিষদীয় সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখযোগ্য যে, যোৱা ২১ মে’ৰ মাজনিশা শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছত আজি অন্তিম দিনা পশ্চিম কাৰ্বি আংলং জিলাৰ ৯টা পৰিষদীয় সমষ্টিৰ বাবে দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে । বিজেপি দলৰ জিলাখনৰ ১নং দুৱাৰ আমলা সমষ্টিৰ পৰা প্ৰভাত তাৰʼ, ২নং আমৰি সমষ্টিৰ ডি. উফিং মাছলাই, ৩নং চিন্ঠং সমষ্টিৰ অভিজীৎ ক্ৰ, ৪নং চʼচেং সমষ্টিৰ হেডছিং ৰংফাৰ , ৫নং ৰংখাং সমষ্টিৰ লংবিৰচন বেʼ , ৬নং বিথুং ৰেংথামা সমষ্টিৰ বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাৰ্থী ডঃ তুলিৰাম ৰংহাং, ৭নং কপিলী সমষ্টিৰ পৱন কুমাৰ, ৮নং হামৰেণ সমষ্টিৰ মঙ্গল ছিং তিমুং আৰু ৯নং আমৰেং সমষ্টিৰ পৰা ৰীণা তেৰাংপীয়ে বিজেপিৰ টিকট লাভ কৰাৰ পিছত আজি অন্তিম দিনা আটাইকেইজন প্ৰাৰ্থীয়ে সহস্ৰাধিক সমৰ্থকক লগত লৈ হামৰেণ স্থিত উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াক মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৬নং বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ডঃ তুলিৰাম ৰংহাং আৰু বাকী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ সময়ত জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে । আনহাতে মন্ত্ৰীগৰাকীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে যে, কাৰ্বি পৰিষদৰ ২৬টা পৰিষদীয় সমষ্টিতেই শাসকীয় বিজেপি দলে পুনৰ পৰিষদখন গঠন কৰিব । দলৰ প্ৰতি আস্থা থকাৰ বাবেই ২৮১জন দলীয় নেতাই টিকটৰ বাবে আবেদন কৰিছিল যদিও ২৬টা সমষ্টিত ২৬গৰাকীক দলীয় টিকট প্ৰদান কৰা হৈছে । এই লৈ দলৰ মাজত কোনো বিসম্বাদ হোৱা নাই আৰু দলৰ সকলোৱে দলীয় প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ বাবে বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে । ইফালে মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কয় যে বিগত নিৰ্বাচনৰ দৰেই এইবাৰো ৰাইজে বিজেপি দলক আদৰি ল’ব আৰু সকলো প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাই আকৌ এবাৰ বিজেপি দলক কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদখন গঠন কৰিবলৈ সুযোগ দিব । তেওঁ লগতে কয় যে, দলৰ মাজত কোনো ধৰণৰ বিসম্বাদ হোৱা নাই আৰু টিকট লাভ নকৰা কোনো প্ৰাৰ্থীয়েই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা নাই । উল্লেখযোগ্য যে, পশ্চিম কাৰ্বি আংলং জিলাৰ ৯টা পৰিষদীয় সমষ্টিত বিজেপি,কংগ্ৰেছ, এএঢডিচি, চিপিআইএমএল, এপিএইচএলচি, এনপিপি আৰু নিৰ্দলীয় মুঠ ৫০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ