নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ পশ্চিম বগুৰীত ১০০টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কেইবাটাও এনজিঅ আৰু উদীয়মান যুৱকৰ

নিয়মীয়া বার্তা, ২৩মে: হোজাই জিলাৰ বানৰ কবলত পৰা যমুনামুখ সমষ্টি আৰু হোজাই সমষ্টিৰ সীমান্তত কেইবাটাও এন জি অ আৰু ব্যক্তিয়ে অসহায় বানপীড়িত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে৷ আন আন সংগঠন বা লোকৰ দৰে সেৱাৰ মনোভাৱেৰে মোৰাঝাৰৰ পৰা উদীয়মান যুৱক ক্ৰমে স্বাৰজুল আলম, ফাৰুক আহমেদ, শ্বফিকুৰ ৰহমান,হাৰিচ উদ্দিন আৰু যুৱ কবি তথা সাংবাদিক ছাদিকুজ জামানৰ নেতৃত্বত এটি দলে বানপীড়িত লোকৰ খবৰ লোৱাৰ লগতে খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে৷ উল্লেখযোগ্য যে চাউল, দাইল, খোৱা পানী, চিৰা, চাবোন, মিঠাতেল, মহৰ ঔষধ, দিয়াচলাই আৰু বিস্কুট আদিৰে এটিকৈ টোপোলা বিতৰণ কৰা হয়৷ ১০০ টা পৰিয়ালক নাৱেৰে পশ্চিম বগুৰীৰ দৰে দূৰ্গম এলেকাত যাত্ৰা কৰি সজাতি দলটিয়ে পৰিয়াল সমুহৰ হাতত তুলি দিয়ে এই সামগ্ৰী সমূহ৷ এনেদৰে হোজাই জিলা কৰ্মচাৰী পৰিষদ,ডবকা শাখা সাহিত্য সভা,চৌধুৰী বজাৰ আৰু ৰহমতনগৰৰ সচেতন যুৱকৰ প্ৰচেষ্টাত আৰ্তজনৰ কাষত থিয় দি সহায় কৰা পৰিলক্ষিত হয়৷ ইপিনে হোজাই মোৰাঝাৰ যুৱ সমাজসেৱী বিলাল উদ্দিনৰ নেতৃত্বত পূৱ বগুৰী এলেকাৰ অসহায় বানাক্ৰান্ত লোকক খাদ্যৰ টোপোলা বিতৰণ কৰে৷ তেওঁৰ নেতৃত্বত যোৱা দলটিয়ে প্ৰায় পাঁচ শ পৰিয়ালক খাদ্য বিতৰণ কৰা বুলি জানিব পৰা গৈছে৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like