নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ কোমোৰাকটা পঞ্চায়তত হাইলেন-শ্মশান-মথাউৰি নিৰ্মাণত দুৰ্নীতি : বিধায়কৰ তদন্তৰ ঘোষণা

নিয়মীয়া বার্তা, ২৩ মে: বিগত দিনৰ দৰে আজিও বানাক্ৰান্তৰ খবৰ লবলৈ হৈ হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে উন্নয়নমূলক কামৰ দুৰ্নীতি হোৱাৰ অভিযোগ লাভ কৰে । হোজাইৰ ঢলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কোমোৰাকটা পঞ্চায়তত এই বিশাল দুৰ্নীতিৰ কথা বানাক্ৰান্তই বিধায়কক অৱগত কৰে । সেই পঞ্চায়তৰ অন্তৰ্গত জাঠিওৰা গাঁৱৰ তিনি নম্বৰ ৱাৰ্ডত নিৰ্মিত হাইলেন নিৰ্মান কৰা হৈছিল যদিও বিগত বানত এই অঞ্চলৰ ৰাইজে তাৰ কোনো সুফল নাপালে । গাঁও পঞ্চায়তে নিজৰ তত্বাৱধানত নিৰ্মিত এই হাইলেনত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰে স্থানীয় বানাক্ৰান্তই । এই নিৰ্মান কাৰ্যটো বিগত 2019/20 বিত্তীয় বৰ্ষৰ দহ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল । ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ এই হাইলেনত উঠিও এইবাৰ গঞা ৰাইজ ৰক্ষা নোপোৱাৰ বিস্ফোৰক অভিযোগ কৰে । বিধায়ক জনৰ সন্মুখত স্থানীয় ৰাইজে সেই অঞ্চলত প্ৰায় দহ লাখৰ শ্মশান, পথ নিৰ্মাণ, সাত লাখ টকাৰ মথাউৰী, ৪৪ লাখ টকাৰ ৰাজহুৱা পুখুৰী আদি নিৰ্মিনত ব্যাপক দুৰ্নীতিৰ অভিযোগ কৰে । ৰাইজৰ সি অভিযোগৰ ভিত্তিত বিধায়ক জনে তাৎক্ষণিক ভাৱে সকলো কামৰ ওপৰত এক তদন্ত প্ৰদান কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনোৱাত উপায়ুক্ত অনুপম চৌধুৰীয়ে তদন্তৰ আশ্বাস দিয়ে । উল্লেখ্য যে, বিগত নটা দিনৰ দৰে আজিও হোজাইৰ বানাক্ৰান্তৰ কাষত উপস্থিত হৈছিল হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ । হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱক লগত লৈ বানে বিধস্ত কৰা কোমোৰাকটা পঞ্চায়তৰ অন্তৰ্গত জাতিওৰা, ৰাইকাটা, চন্দনপুৰ, দাসবস্তি আদি অঞ্চল ভ্ৰমণ কৰি বিভিন্ন জনক লগ কৰি বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় সেই সময়তে বিধায়ক জনৰ সন্মুখত এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাত বিধায়ক জনে নিজে সমস্ত ঠাই পৰিদৰ্শন কৰি ৰাইজক তদন্তৰ আশ্বাস দিয়ে ।

প্ৰেৰক : কিশলয় ডি গোস্বামী

You might also like