নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী কল্কি ক’চলিনে পৃথিৱীৰ দুবিধ শ্ৰেষ্ঠ ফল বিচাৰি পাইছে; অনুমান কৰিব পাৰিবনে?

বিশেষ বাৰ্তা, ২৫ মেঃ শৰীৰে প্ৰয়োজনীয় পুষ্টি ক’ৰ পৰা লাভ কৰে জানেনে? নিঃসন্দেহে ফল। ফল সোৱাদযুক্ত হোৱাৰ উপৰিও শৰীৰৰ বাবে যাদুৰ দৰে কাম কৰা খনিজ পদাৰ্থ, ভিটামিন আৰু আঁহেৰে পৰিপূৰ্ণ। অভিনেত্ৰী কল্কি কোচলিন কোনো বেলেগ নহয়। ফল তেওঁৰ বৰ প্ৰিয়। কি ফল খাই ভাল পায় বলীউডৰ এইগৰাকী ব্যতিক্ৰমী অভিনেত্ৰীয়ে, জানেনে? কল্কিয়ে প্ৰায়ে খাদ্যৰ বিষয়ে পোষ্ট কৰি থাকে। ইনষ্টাগ্ৰামত খাদ্যৰ বিশেষকৈ ব্ৰেকফাষ্টৰ ফটো তেওঁ অনুৰাগীলৈ আগবঢ়ায় দিয়েই থাকে। শেহতীয়াকৈ তেওঁ প্ৰিয় ফলৰ কথা কৈছে। পুৱা খাদ্যৰ প্লেটখনৰ ফটো শ্বেয়াৰ কৰিছে। প্লেটখন টুকুৰা-টুকুৰ আমেৰে বৰ ধুনীয়াকৈ সজোৱা আছে। এতিয়া আমৰ বতৰ, গতিকে আম খাবই লাগিব। আমৰ গুণাগুনৰ কথা আৰু ক’বই নালাগে। কাষতে আন এবিধ ফল আছে, সেইবিধ হ’ল আমলখি। কল্কিয়ে লিখিছে “পৃথিৱীৰ দুবিধ শ্ৰেষ্ঠ ফল”। লগতে “টিছ দ্য ছিজন”, “মেংগোষ্টিন” আৰু “মেংগো” হেচটেগ কৰিছে।

You might also like