নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাৰ নাম সলনি কৰাক লৈ জ্বলিছে অন্ধ্ৰপ্ৰদেশ, মন্ত্ৰীৰ গৃহত অগ্নি সংযোগ

বিশেষ বাৰ্তা, ২৫ মেঃ নৱগঠিত কোনাসীমা জিলাৰ নাম বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামকৰণৰ প্ৰস্তাৱক লৈ উত্তপ্ত হৈ আছে অন্ধ্ৰ প্ৰদেশ। ৰাজ্যখনৰ অমলাপুৰম চহৰত ক্ষুব্ধ প্ৰতিবাদকাৰীৰ এটা দলে মঙলবাৰে ৰাজ্যিক পৰিবহণ মন্ত্ৰী পি বিশ্বৰূপৰ ঘৰত জুই জ্বলাই দিয়ে। আৰক্ষীৰ এখন বাহন আৰু শিক্ষানুষ্ঠানৰ এখন বাছতো অগ্নিসংযোগ কৰিছে।

প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী জোৱান আহত হয়। অমলাপুৰমত পাঁচজন বা তাতকৈ অধিক সদস্যৰ সমাবেশ নিষিদ্ধ কৰা চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে। লগতে আশে-পাশে থকা জিলাসমূহৰ পৰা অতিৰিক্ত ৫০০ আৰক্ষীক চমন কৰা হৈছে। ৰাজ্যৰ গৃহমন্ত্ৰী টনেতি বনিথাই অভিযোগ কৰে যে একাংশ ৰাজনৈতিক দল আৰু সমাজ-বিৰোধীয়ে অগ্নিসংযোগৰ বাবে উচটনি দিছিল।

You might also like