যোগীঘোপাৰ ঝাউকুৰাত নাবালিকা ধৰ্ষণকাৰী ৬০ বছৰীয়া লম্পট বৃদ্ধক গ্ৰেপ্তাৰঃ জেল-হাজোতলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ঝাউকুৰাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ৬০ বছৰীয়া লম্পট বৃদ্ধ এজনক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৃদ্ধজন ধুবুৰী জিলাৰ সীমান্তৱৰ্তী তথা বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ঝাউকুৰা প্ৰথমখণ্ড গাঁৱৰ বাসিন্দা আব্দুল কাদেৰ(৬০) বুলি আৰক্ষী সূত্ৰে জনা গৈছে ।লম্পট বৃদ্ধজনৰ কামনাৰ বলি হোৱা ভুক্তভোগী নাবালিকা গৰাকীৰ পিতৃয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৯/২০২২ নম্বৰ এটা গোচৰ পঞ্জীয়ন কৰি কালি লম্পট বৃদ্ধজনক গ্ৰেপ্তাৰ কৰে ।আজি আৰক্ষীয়ে ধৰ্ষণকাৰী আব্দুল কাদেৰক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, যোৱা ২১ মে’ৰ নিশা প্ৰায় ৮ বজাত ৬০ বছৰীয়া লম্পট বৃদ্ধজনৰ কামনাৰ বলি হবলগা হৈছিল অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । ঝাউকুৰা প্ৰথম খণ্ড গাঁৱৰ দেৱানী আব্দুল কাদেৰ নামৰ ৬০ বছৰীয়া বৃদ্ধজনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড । ১৩ বছৰীয়া ছাত্ৰী গৰাকীক বলপূৰ্কভাৱে শৌচালয়ৰ ভিতৰত আবদ্ধ কৰি ভয় ভাবুকি দেখুৱাই লম্পট বৃদ্ধজনে ধৰ্ষণ কৰে । এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত ওলোটাই লম্পট বৃদ্ধজনৰ পৰিয়ালৰ লোকে ভূক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকৰ ওপৰত শাৰিৰীকভাৱে আক্ৰমণ কৰে । এই ঘটনা সন্দৰ্ভত যোৱা ২২ মে’ত নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছিল । ঘটনাৰ পিচতে পলায়ণ কৰা লম্পট বৃদ্ধ গৰাকীক কালি যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে । ইপিনে কালি ধৰ্ষণকাৰী লম্পট বৃদ্ধ গৰাকীক ফাচীৰ দাবীত ঝাউকুৰা গাৱৰ পুৰুষ-মহিলা সকলো ওলাই আহি গাৱখনত প্ৰদিবাদী সভা অনুষ্ঠিত কৰিছিল । সকলোৱে এই জঘন্য ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে ধৰ্ষণকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ফাঁচী দিয়াৰ দাবীত ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদো সাব্যস্ত কৰিছিল ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস