নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ ১৩নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তৰ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ২৫ মেঃ তথ্য জনাৰ আইনৰ অধীনত কৰা এক আৱেদনৰ ভিত্তিত প্ৰশাসনে প্ৰদান কৰা এক তথ্যই ধুবুৰী পৌৰসভা ৱাৰ্ড আয়ুক্ত এগৰাকীলৈ বিপদ কঢ়িয়াই অনাৰ সম্ভাৱনাৰ উদয় কৰিছে। উল্লেখ্য যে, সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত ধুবুৰীৰ ১৩ নং ৱাৰ্ডটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল। সেই অনুসৰি বিজেপিয়ে ৱাৰ্ডটোৰ পৰা জনৈক দোলা বিশ্বাসক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল আৰু দিঠকত গৈ বিজেপি প্ৰাৰ্থীগৰাকায়েই তেখেতৰ নিকটতম প্ৰাৰ্থী অগপৰ জনৈক সোমা ৰয়ক পৰাজিত কৰি ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ৰূপে নিৰ্বাচিত হৈছিল। কিন্ত ৱাৰ্ডটোৰ পৰাভূত অগপ প্ৰাৰ্থী ৰয়ে বিজয়ী দোলা বিশ্বাসৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰক লৈ সন্দেহ উত্থাপিত কৰিছিল। পিছলৈ গৈ অগপ প্ৰাৰ্থীগৰাকীৰ স্বামী পান্থ কুমাৰ পালে তথ্য জনাৰ আইনৰ অধীনত ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সন্দৰ্ভীয় তথ্য বিচাৰি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত এখন আৱেদন কৰিছিল। উক্ত আৱেদনৰ ভিত্তিত যোৱা ২৪ মে’ৰ দিনা প্ৰশাসনে তেখেতক প্ৰদান কৰা পত্ৰখনত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয় অথৱা চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ১৩নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ কোনো নথী (ৰেকৰ্ড) নাই বুলি স্পষ্ট ভাৱে উল্লেখ থকা বুলি জনাইছে পালে। ফলত স্বাভাৱিক ভাৱেই এতিয়া ধুবুৰীৰ ১৩নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰৰ সৈতে দিয়া অনুসূচিত জাতিৰ প্ৰমাণপত্ৰখন জালিয়াতিৰে সংগ্ৰহ কৰিছিল নেকি বুলি এক প্ৰশ্ন উত্থাপিত কৰিছে। ইপিনে অগপৰ ধুবুৰীস্থ জিলা কাৰ্য্যালয়ত আজি আয়োজিত এক সংবাদমেলত দলটোৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে ধুবুৰী পৌৰসভাৰ ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত দোলা বিশ্বাসৰ বিৰূদ্ধে জিলা প্ৰশাসনে আইনগত ব্যৱস্থা ল’ব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like