নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখ খানৰ ঘৰত কিমানটা টিভি আছে জানেনে, টিভি কিনাতেই ৩০-৪০ লাখ খৰচ কৰিছে…

বিশেষ বাৰ্তা, ২৬ মেঃ বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এক ব্ৰেণ্ড ইভেণ্টত অংশগ্ৰহণ কৰি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে নিজৰ কথন শৈলীৰে দৰ্শকক মোহিত কৰে। দৰ্শকৰ সৈতে মত বিনিময় কৰি অভিনেতাগৰাকীয়ে কয় যে নিৰ্দিষ্ট ব্ৰেণ্ডটো তেওঁৰ ইমানেই পছন্দৰ যে এই ব্ৰেণ্ডটোৰ কেইবাটাও টেলিভিছন তেওঁৰ ঘৰত আছে। -শ্বাহৰুখ খানে কয়- মোৰ বেডৰুমত এটা টিভি আছে, ড্ৰয়িং ৰুমত এটা, সৰু ল’ৰা অবৰামৰ ৰুমত আৰু এটা আছে, আৰিয়ানৰ ৰুমত এটা, ছোৱালীজনীৰ ৰুমত এটা আছে। শেহতীয়াকৈ, জিমত এটা টেলিভিছন নষ্ট হৈ গ’ল, মই কেৱল পুৰণি টেলিভিছনবোৰ নষ্ট হোৱাৰ দিনবোৰলৈহে অপেক্ষা কৰোঁ, যাতে সোনকালে এলজিৰ আন এটা টিভি কিনিব পাৰোঁ। তেওঁ লগতে কয়, “প্ৰতিটো টেলিভিছনৰ দাম প্ৰায় ডেৰ লাখ। সেই হিচাপ অনুসৰি মই টেলিভিছনত প্ৰায় ৩০-৪০ লাখ খৰচ কৰিছোঁ।” ছ’চিয়েল মিডিয়াত অনুষ্ঠানটোৰ ভিডিঅ’টো প্ৰকাশ হোৱাৰ লগে লগে ই দ্ৰুতগতিত ভাইৰেল হৈ পৰে আৰু ব্যৱহাৰকাৰীসকলে হাস্যকৰ মন্তব্য কৰিবলৈ লৈছে। কোনোৱে টেলিভিছন এটা খুজিছে, কোনোৱে কৈছে মই খুবেই দুখীয়া অনুভৱ কৰিছোঁ ইত্য়াদি।

You might also like