নগাঁৱত বানাক্ৰান্তৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বান সাহায্য বিতৰণ
বিশেষ বাৰ্তা, ২৬ মে: ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিয়ে আজি জিলাখনৰ বানপানীয়ে বিধস্ত কৰা অঞ্চল সমূহ পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে। মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি সুন্দৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে জিলাখনৰ নিজ কঠিয়াতলী পঞ্চায়তৰ অন্তৰ্গত ঝুমুৰমূৰ মিলন বিদ্যাপীঠৰ আশ্ৰয় শিবিৰ আৰু তেলিয়াসৰা পঞ্চায়তৰ পলশাত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আজিৰ কাৰ্যসূচীত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা সভাপতি সুন্দৰ শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথাকে ধৰি বিজেপিৰ জনতা যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে । উল্লেখ্য যে নগাঁও জিলা জনতা যুৱ-মৰ্চাই বিগত দুসপ্তাহদিন ধৰি নগাঁও জিলাৰ বিভিন্ন স্থানৰ বানাক্ৰান্ত ৰাইজৰ মাজত থাকি বিভিন্ন ধৰনে সহায় – সাহাৰ্য্য প্ৰদান কৰি আহিছে।
প্ৰেৰক কনক হাজৰিকা