নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰলৈ হিন্দী উপন্যাসলৈ বুকাৰ বঁটা: উজলিছে গীতাঞ্জলি শ্ৰীৰ “টম্ব অৱ ছেণ্ড”

বিশেষ বাৰ্তা, ২৭ মেঃ লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘টম্ব অৱ ছেণ্ড’ খন ভাৰতীয় ভাষাত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হিচাপে পৰিগণিত হৈছে। বৃহস্পতিবাৰে লণ্ডনত অনুষ্ঠিত এক অনুষ্ঠানত নতুন দিল্লীৰ লেখিকাগৰাকীয়ে কয় যে তেওঁ গ্ৰন্থখনৰ ইংৰাজী অনুবাদক ডেইজী ৰকৱেলৰ সৈতে ৫০ হাজাৰ পাউণ্ডৰ পুৰস্কাৰ গ্ৰহণ কৰি আপ্লুত হৈছে। ৬৪ বছৰীয়া লেখকগৰাকীয়ে এনে বঁটাৰ কথা কেতিয়াও কল্পনাও কৰা নাছিল বুলি প্ৰকাশ কৰিছে। ‘টম্ব অৱ ছেণ্ড’ মূলতঃ ‘ৰেট সমাধি’ উত্তৰ ভাৰতৰ পৰিৱেশত নিৰ্মিত আৰু ইয়াত ৮০ বছৰীয়া এগৰাকী মহিলাৰ কাহিনী দাঙি ধৰা হৈছে। বুকাৰ বিচাৰকসকলে অপ্ৰতিৰোধ্য উপন্যাস বুলি অভিহিত কৰিছে। ২০১৮ চনত হিন্দী ভাষাত প্ৰকাশিত ‘টম্ব অৱ ছেণ্ড’ ২০২১ চনৰ আগষ্ট মাহত টাইল্টেড এক্সিছ প্ৰেছে ব্ৰিটেইনত ইংৰাজী ভাষাত প্ৰকাশ কৰা লেখিকাৰ প্ৰথমখন গ্ৰন্থ।

You might also like