নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিক্ততা পাহৰিবলৈ লাগিল সুদীৰ্ঘ ১৯ বছৰ, বন্ধুত্বৰ পিনে আগুৱাইছে ঐশ্বৰ্য-ৰাণী মুখাৰ্জী

বিশেষ বাৰ্তা, ২৭ মেঃ অলপতে বলীউডৰ জনপ্ৰিয় পৰিচালক কৰণ জোহৰৰ জন্মদিন আছিল আৰু এই উপলক্ষে অনুষ্ঠিত হোৱা গ্ৰেণ্ড পাৰ্টিত বহুতো স্মৰণীয় মুহূৰ্ত ধৰা পৰিছে। কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টিত বলীউডৰ বহু তাৰকাক সমবেত হোৱা দেখা গৈছিল। এই পাৰ্টিত কৰবাত প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক একেলগে দেখা গৈছে যদি ক’ৰবাত শত্ৰুতা এৰি কোনো কোনো তাৰকাক একেলগে আনন্দ কৰাও দেখা গৈছে। শেহতীয়াকৈ প্ৰীতি জিণ্টাই শ্বেয়াৰ কৰিছে কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টিৰ কিছু ভিতৰুৱা ফটো। ইয়াৰে এখন ফটোত একেটা ফ্ৰেমতে দেখা গৈছে কৰীনা কাপুৰ খান, ঐশ্বৰ্য ৰায় বচ্চন, প্ৰীতি জিন্টা আৰু ৰাণী মুখাৰ্জীক। আচৰিত কথাটো হ’ল যে একেটা ফ্ৰেমত বহু বছৰৰ মূৰত একেলগে দেখা গৈছে ঐশ্বৰ্য আৰু ৰাণী মুখাৰ্জীক। ক’বলৈ হ’লে প্ৰায় ১৯ বছৰৰ পিছত। ১৯ বছৰ আগতে অৰ্থাৎ ২০০৩ চনত ‘চলতে চলতে’ ছবিখনৰ চেটত যিয়েই নহওক কিয়, ঐশ্বৰ্য আৰু ৰাণী মুখাৰ্জীৰ বন্ধুত্বত বৰ প্ৰভাৱ পৰিছিল। তাৰ আগতে ঐশ্বৰ্য ৰায় আৰু ৰাণীৰ মাজত ঘনিষ্ঠ বন্ধুত্বই আছিল আৰু প্ৰায়ে একেলগে দেখা পোৱা গৈছিল দুয়োকে। কিন্তু ‘চলতে চলতে’ৰ চেটত ছলমান খানে সৃষ্টি কৰা হুলস্থুলৰ বাবেই ঐশ্বৰ্য ৰায়ক চিনেমাখনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। তেওঁৰ ঠাইত ৰাণী মুখাৰ্জীক লোৱা হৈছিল। খবৰ অনুসৰি ‘চলতে চলতে’ত নিজৰ ঠাইত ৰাণী মুখাৰ্জী চুক্তিবদ্ধ হোৱাত ঐশ্বৰ্য ৰায় স্তম্ভিত হৈ পৰিছিল। আচলতে এবাৰ খবৰ ওলাইছিল যে ৰাণী আৰু অভিষেক বচ্চনৰ মাজত প্ৰেমৰ সম্পৰ্ক  চলিছে।  কোৱা হৈছিল যে জয়া বচ্চনেও ৰাণী মুখাৰ্জী তেওঁৰ বোৱাৰী হোৱাটো বিচাৰিছিল। কিন্তু ‘ব্লেক’ ছবিখনত ৰাণী আৰু অমিতাভ বচ্চনৰ মাজত চুমা খোৱা দৃশ্যৰ পিছত ৰাণীক লৈ ক্ষুব্ধ হৈ পৰিছিল জয়া বচ্চন। পিছত আনকি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে ৰাণীক বিয়ালৈও নিমন্ত্ৰণ নিদিলে। এতিয়া শেহতীয়া ফটোৱে কৈছে ৰাণী আৰু ঐশ্বৰ্যই পুৰণি কাজিয়া আৰু অভিযোগবোৰ পাহৰি গৈছে।

You might also like