নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিকড়ীয়াৰ দুয়োপাৰে আকাশ শুৱনি কৰি ফুলিছে এজাৰ

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ২৭ মেঃ বসন্তৰ পৰশত ন-সাজেৰে সাজিছে প্ৰকৃতি৷ বসন্তৰ বৰষুণ পাই সজীৱ হৈ উঠিছে শীতত লঠঙা হোৱা গছ-লতিকা ৷ বিৰিখত কুঁহিপাত মেলাৰ পাচতেই এতিয়া ডাল ভৰি ফুলিছে নানাৰঙী ফুল৷ প্ৰকৃতিৰ সাজোন-কাচোনে মন-প্ৰাণ হৰিছে সকলোৰে।সেউজীয়া অসমভূমিত এতিয়া চৌপাশে দেখা গৈছে ফুলৰ মেলা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিছে ঢকুৱাখনাৰ নিৰ্মল আকাশত৷ ঢকুৱাখনাত আকাশ শুৱনি কৰি ফুলিছে এজাৰ। নীলা আকাশত যেন ফুল বাচিছে প্ৰকৃতিয়ে।সমগ্ৰ আকাশ পৰিণত হৈছে এখন বেঙুণীয়া চাদৰলৈ। চাৰিকড়ীয়া পাৰৰ দুয়োপাৰে আকাশ শুৱনি কৰি ফুলা এজাৰে সৃষ্টি কৰিছে মনোমোহা পৰিৱেশৰ। প্ৰকৃতিৰ বুকুত নিয়ম অনুসৰিয়েই আকাশ উপচাই ফুলি উঠা এজাৰ ফুলে  উন্মনা কৰি তুলিছে বহুতক। পৰিবেশে সৃষ্টি কৰা উদ্বেগ, সংশয়, সন্দেহৰ মাজতে যেন প্ৰকৃতিয়ে মানুহৰ মনলৈ আনিছে আশাৰঞ্জক বতৰা৷ ঢকুৱাখনাৰ চাৰিফালৰ অপৰূপ দৃশ্যই মুহিছে প্ৰকৃতিপ্ৰেমীক৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে প্ৰেৰণা যোগায় কবি-গীতিকাৰক ৷
You might also like