পঞ্চায়ত নিৰ্বাচনত ডিউটি কৰিছে এম এছ ধোনীয়ে! আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত ভাইৰেল হোৱা এখন ফটো
বিশেষ বাৰ্তা, ২৮ মেঃ ২০২০ চনৰ পিছত আই পি এলৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এম এছ ধোনীৰ চেন্নাই ছুপাৰ কিংছে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱাৰ পিছত এখন ফটো ভাইৰেল হৈছে, য’ত মহেন্দ্ৰ সিং ধোনীক পঞ্চায়ত নিৰ্বাচনত ডিউটি কৰা দেখা হৈছে। দৰাচলতে ভাইৰেল হোৱা ফটোখন ঝাৰখণ্ডত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ। য’ত ধোনীৰ দৰে দেখাত একে এজন লোকে নিজৰ কৰ্তব্য পালন কৰিছে। প্ৰথম দৃষ্টিত তেওঁক চেন্নাই দলটোৰ অধিনায়ক তথা মহান উইকেট কীপাৰজন যেনে লাগে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই লোকজনৰ নাম বিবেক কুমাৰ। বিবেক কুমাৰক চিচিএল (চেণ্ট্ৰেল ক’লফিল্ডছ লিমিটেড)ত সহকাৰী প্ৰবন্ধক হিচাপে কাম কৰি আছে। ৰাঁচীত তৃতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যৰ সময়ত তেওঁৰ সৈতে ছেলফি উঠি বহুতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। বিবেকে কাম কৰাত অসুবিধা পাইছিল, কিন্তু একে সময়তে তেওঁৰ চেলিব্ৰিটি অনুভৱ এটাও মনলৈ নহাকৈ নাছিল।