নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই সেনা বাহিনীতো হ’ব ঠিকাভিত্তিত নিযুক্তি, চাৰি বছৰৰ বাবে চুক্তি

বিশেষ বাৰ্তা, ২৮ মেঃ ৰাজ্য তথা কেন্দ্রীয় চৰকাৰৰ সকলো ধৰণৰ চাকৰিতেই চুক্তিত বা ঠিকাভিত্তিত নিয়োগ আৰম্ভ হোৱা প্রায় দুই দশক হ’বলৈ ওলাইছে। বাকী আছিল সেনাবাহিনী। তাতো চুক্তিত নিয়োগৰ কথা-বার্তা চলি আছিল যোৱা কেই বছৰৰ পৰা। চৰকাৰী সূত্রৰ খবৰ অনুসৰি, অচিৰেই চুক্তিত নিয়োগৰ সিদ্ধান্ত বলবৎ হ’বলৈ গৈ আছে প্রতিৰক্ষা বাহিনীৰ তিনিটা বিভাগ সেনা, বায়ুসেনা আৰু নৌসেনাত। নতুন প্রস্তাৱত কোৱা হৈছে জোৱানৰ পৰা অফিচাৰলৈ সকলো পদতেই প্রাথমিক নিয়োগ হ’ব চাৰি বছৰৰ বাবে। চাৰি বছৰৰ পাছত ২৫ শতাংশক স্থায়ীভাবে ৰখা হ’ব। সেই ২৫ শতাংশক নতুনকৈ নিয়োগ কৰিব সেনাই। অর্থাৎ তেওঁলোকৰ স্থায়ী চাকৰিৰ সৈতে আগৰ চাৰি বছৰ যোগ কৰা নহ’ব। বাকী ৭৫ শতাংশক বহুৱাই দিয়া হব। সেনাৰ মতে এই ৭৫ শতাংশৰ চৰকাৰী অন্যান্য কামত বা বেচৰকাৰী অফিচত চাকৰি পোৱাত অসুবিধা নহ’ব। কাৰণ, চাৰি বছৰ সেনাত কাম কৰাৰ সুবাদত তেওঁলোক বহুখিনিয়ে আগুৱাই থাকিব। কভিডৰ কাৰণে সেনা বাহিনীত প্রায় দুবছৰে নিয়োগ বন্ধ হৈ আছিল। ফলত বাঢ়ি বাঢ়ি শূন্য পদৰ সংখ্যা বাঢ়ি গৈ ১ লাখ ২৫ হাজাৰৰ ওচৰ চাপিছে।

You might also like